বজালীত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ম’ক টেষ্টত অভিলেখসংখ্যক শিক্ষাৰ্থীৰ সমাৱেশ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ যোৱা শিক্ষাবৰ্ষলৈ বজালীত বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰপত্ৰ পূৰণ কৰা এগৰাকীও শিক্ষাৰ্থী নাছিল৷ এক কথাত এন টি এছ ই আৰু এন এম এম এছ ই ৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ত বজালীৰ শিক্ষাৰ্থীয়ে কোনো গুৰুত্বই দিয়া নাছিল আৰু শিক্ষাৰ্থী সকলক পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰসঙ্গতো কোনো কথা অবতাৰণা কৰা হোৱা নাছিল । কিন্তু বজালী জিলাত উপায়ুক্তৰূপে দায়িত্ব গ্ৰহণ কৰিয়েই বিষয়টো সন্দৰ্ভত জানিব পাৰি জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে বিষয়টো এক প্ৰত্যাহ্বান ৰূপে লৈ পৰিকল্পনা কৰে৷ প্ৰথমতে তেওঁ জিলাখনৰ বিদ্যালয় প্ৰধান সকলক লৈ আলোচনা কৰি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা দিলে আৰু যিকোনো প্ৰকাৰে শিক্ষাৰ্থীক এই পৰীক্ষাত অবতীৰ্ণ কৰাৰ বাবে সংকল্প ললে । তেওঁ বিদ্যালয় প্ৰধান সকলক এই দিশত নিজেই সহায় কৰাৰ উপৰিও পাঠদান কৰিব বুলিও জনায় ।ইয়াৰ পৰবৰ্তী সময়ত বিদ্যালয়ত পাঠদান কৰি পৰীক্ষাৰ গুৰুত্বৰ বিষয়ে শিক্ষাৰ্থীক বুজালে । উপায়ুক্ত গৰাকীৰ পৰামৰ্শত ভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী সকল অভিৰোচিত হল আৰু প্ৰতিযোগিতাৰ বাবে নিজকে প্ৰস্ত্তত কৰাত ব্যস্ত হৈ পৰিল । এনে প্ৰেক্ষাপটত পূৰ্বে শূন্যৰ ঘৰত থকা পৰীক্ষাৰ্থীৰ পৰিসাংখ্যিক তথ্য উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নিৰন্তৰ তৎপৰতাত এইবাৰ এন এম এম এছ ই ৰ বাবে বজালী জিলাত 478 গৰাকী হোৱাৰ বিপৰীতে এন টি এছ ই ৰ বাবে তিনি শতাধিক হৈছে ।এই শিক্ষাৰ্থী সকলৰ যি সকলে এন এম এম এছ ই ৰ পপ্ৰত্ৰ পূৰণ কৰিছিল তেওঁলোকৰ বাবে উপায়ুক্ত দেৱ চৌধুৰীৰ নিৰ্দেশত আজি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম মক টেষ্টৰ আয়োজন কৰা হৈছিল ।তাৎপৰ্যপূৰ্ণ কথা যে মুছল ধাৰে বৰষুণ দিয়া সত্বেও মুঠ পৰীক্ষাৰ্থীৰ478 গৰাকীয়ে আজি মক টেষ্টত উপস্থিত হৈছিল ।লগত আহিছিল পিতৃ অথবা মাতৃসকল । শিক্ষাৰ্থীৰ এনে সমাবেশে আজি বজালীৰ বিদ্যায়তনিক পৰিমণ্ডললৈ নিসন্দেহে এক আশাৰ বতৰা কঢ়িয়াই আনিছে । ইয়াৰ বাবে শিক্ষাৰ্থীৰ অভিভাৱক সকলে উপায়ুক্তক সাধুবাদ দিছে । অভিভাবক সকলৰ লগত উপায়ুক্তই কথা পাতি পৰীক্ষাৰ্থী সকলক তত্বাবধান লবলৈ কোৱাৰ উপৰিও কঠিন বিষয় থাকিলে তেও নিজেই পাঠদান কৰিব বুলিও জানিবলৈ দিয়ে । ইফালে এই সন্দৰ্ভত উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে প্ৰথম মক টেষ্টৰ পাছত শিক্ষাৰ্থী সকলক প্ৰয়োজনীয়তাৰ ভিত্তিত আৰু নিদানমূলক পাঠদান কৰা হব । তেওঁ কোৱা অনুসৰি শিক্ষাৰ্থীৰ ভৱিষ্যত গঢ়াৰ হেতু অবধাৰিত ভাবে এই প্ৰচেষ্টা অব্যাহত ৰখা হব । উল্লেখ্য উপায়ুক্ত গৰাকীয়ে আজি নিজেই প্ৰশ্ন কাকত শিক্ষাৰ্থীক বিতৰণ কৰে। আনহাতে শিক্ষাৰ্থীৰ উত্তৰ পত্ৰও উপায়ুক্ত গৰাকীয়ে পৰীক্ষা কৰিব বুলিও সংবাদ মাধ্যমক জনাইছে ।
প্ৰেৰক কল্যাণ কলিতা