অসম গেছ কোম্পানী লিমিটেডৰ হীৰক জয়ন্তীত অংশগ্রহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ৩ এপ্রিলঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম গেছ কোম্পানী লিমিটেডক ইয়াৰ গেছ গ্রিড নেটৱর্ক শক্তিশালী কৰাৰ লগতে সামর্থতা বৃদ্ধিৰ জৰিয়তে ওচৰ–চুবুৰীয়া ৰাজ্য তথা অন্য ৰাষ্ট্রলৈ গেছ পৰিবহণৰ দিশত যথোচিত পদক্ষেপ লবলৈ আহ্বান জনাইছে৷ আজি ডিব্রুগড জিলাৰ দুলীয়াজানত অসম গেছ কোম্পানী লিমিটেডৰ হীৰক জয়ন্তীত অংশগ্রহণ কৰি মুখ্যমন্ত্রীয়ে এই আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে অসম গেছ কোম্পানী লিমিটেডক ৰাজ্যখনত বৈদ্যুতিক বাহন চার্জিং ষ্টেচন স্থাপনৰ জৰিয়তে এই ব্যৱসায়িক ক্ষেত্রখনতো মনোনিৱেশ কৰাৰ বাবে আহ্বান জনায়৷ তেওঁ লগতে কয় যে সাম্প্রতিক ব্যৱসায়িক বিশ্বত উদ্ভাৱন আৰু বৈচিত্রতাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ভূ ভাণ্ডাৰত সঞ্চিত খাৰুৱা তেলৰ উৎস ব্যৱহাৰৰ জৰিয়তে শক্তি আহৰণৰ পৰিৱর্তে বিদ্যুতৰ পৰা শক্তি আহৰণৰ বাবে অসম গেছ কোম্পানীয়ে উদ্যোগ গ্রহণ কৰিব লাগিব৷ প্রাকৃতিক গেছৰ পৰিবহণ আৰু বিতৰণৰ ক্ষেত্রখনত সগৌৰৱেৰে ছটা দশক সম্পূর্ণ কৰা অসম গেছ কোম্পানী লিমিটেডে আগবেোৱা অৰিহণাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে প্রতিষ্ঠানটোৰ বর্তমান আৰু তদানীন্তন সকলো কার্যবাহী আৰু বিষয়া–কর্মচাৰীক তেওঁলোকৰ অৱদানৰ বাবে ধন্যবাদ জনায়৷ তেওঁ লগতে অসম তথা দেশৰ ঔদ্যোগিক ক্ষেত্রখনত অসম গেছ কোম্পানী লিমিটেডে এক শক্তিশালী ঔদ্যোগিক প্রতিষ্ঠান হিচাপে গগ লৈ উঠাত বিশেষ ভূমিকা লোৱা প্রখ্যাত কাৰিকৰী বিশেষজ্ঞ তথা অভিযন্তা দেবেন্দ্রনাথ আচার্যকো শ্রদ্ধাৰে স্মৰণ কৰে৷ প্রাকৃতিক গেছৰ যোগান আৰু বিতৰণৰ দিশত অসম গেছ কোম্পানী লিমিটেড এটা বিশ্বাসযোগ্য আৰু কাৰিকৰীভাৱে শক্তিশালী উদ্যোগ হিচাপে পৰিগণিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আজি উজনি অসমৰ বিভিন্ন প্রাকৃতিক গেছ ভিত্তিক সৰু–ডাঙৰ উদ্যোগ সামৰি বিস্তৃর্ণ অঞ্চলটোত প্রাকৃতিক গেছ যোগান ধৰাত এই কোম্পানী এক উল্লেখযোগ্য প্রতিষ্ঠান হিচাপে পৰিগণিত হৈছে৷ মুখ্যমন্ত্রীয়ে কয় যে তিনিচুকীয়া, ডিব্রুগড, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আদি জিলাসমূহত অৱস্থিত প্রায় ৪২০ খন চাহ বাগিচা তথা চাহ ফেক্টৰীত গেছৰ যোগান ধৰি অসম গেছ কোম্পানী লিমিটেডে চাহৰ উৎপাদনত বিশেষ ভূমিকা গ্রহণ কৰি ৰাজ্যৰ অর্থনীতি টনকিয়াল কৰাত গুৰুত্বপূর্ণ অৱদান আগববাইছে৷ তদুপৰি, শক্তিখণ্ডৰ উদ্যোগসমূহলৈও অসম গেছ কোম্পানী লিমিটেডে যোগান ধৰি অহা প্রাকৃতিক গেছৰ ব্যৱহাৰে পৰিৱেশ অনুকূল শক্তি উৎপাদনতো উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে উজনি অসমৰ প্রায় আটাইকেইখন জিলাৰ নগৰাঞ্চল তথা ইয়াৰ গ্রামাঞ্চলকে ধৰি ৪২ হাজাৰতকৈও অধিক উপভোক্তাৰ লগতে প্রায় ১২০০ বাণিজ্যিক উপভোক্তালৈ প্রাকৃতিক গেছ যোগান ধৰিবলৈ সক্ষম হোৱাটো এক প্রশংসনীয় কথা৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে শেহতীয়াকৈ অসম গেছ কোম্পানীয়ে অইল ইণ্ডিয়া লিমিটেডৰ সৈতে যৌথভাৱে পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ ৰেগুলেটৰি বর্ডে আহ্বান জনোৱা চিটি গেছ ডিষ্ট্রিবিউচনৰ নিবিদাত অংশ লৈ ব্রহ্মপুত্রৰ উত্তৰপাৰত লখিমপুৰ, ধেমাজি, দৰং, ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ লগতে ত্রিপুৰাৰ কেইবাখনো জিলাত চিটি গেছ ডিষ্ট্রিবিউচন নেটৱর্ক গঢ়ি তুলি প্রাকৃতিক গেছৰ যোগান আৰু বিপণনৰ যি দায়িত্ব লাভ কৰিছে, এয়া সমগ্র অসমবাসীৰ বাবে এক সুখবৰ৷ আজিৰ প্রতিযোগিতামূলক ব্যৱসায়িক ক্ষেত্রখনত সফলতাৰে আগুৱাই যাবলৈ হলে ঔদ্যোগিক প্রতিষ্ঠানসমূহৰ বাবে উদ্ভাৱনীমূলক চিন্তা–চর্চাৰে আগববাৰ বাদে কোনো বিকল্প নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই ক্ষেত্রত অসম গেছ কোম্পানীয়ে ইয়াৰ ব্যৱসায়িক ক্ষেত্রলৈ বিবিধতা অনাৰ প্রয়াস চলাই আহিছে৷ ডিব্রুগড চহৰৰ চৌকিডিঙীত অসম গেছ কোম্পানীয়ে ৰাজ্যৰ প্রথমটো চি এন জি ষ্টেচন স্থাপন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে এই কোম্পানীয়ে সমগ্র উত্তৰ–পূর্বাঞ্চলতেই ১২০ টা পেড্রল আৰু ডিজেলৰ খুচুৰা বিক্রী কেন্দ্র স্থাপন কৰি এইবোৰ কেন্দ্রতেই চি এন জি ষ্টেচন আৰু বৈদ্যুতিক বাহন চার্জিং কেন্দ্র সন্নিৱিষ্ট কৰাৰ লক্ষ্যৰে যিদৰে আগবািিছে তাৰ ফলত আহিবলগীয়া দিনবোৰত এই কোম্পানী যে ঔদ্যোগিক ক্ষেত্রখনত অধিক শক্তিশালীভাৱে আগুৱাই যাবলৈ সক্ষম হব সেই কথা নিষ্চিত৷ ভাৰত চৰকাৰৰ হাইড্রকার্বন ভিজন–চ্ঙ্ম্বঙ্মৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ হাইড্রকার্বন খণ্ডৰ যথেষ্ট সম্ভাৱনীয়তা আছে৷ এই অঞ্চলটোত যথেষ্ট পৰিমাণে হাইড্রকার্বন মজুত হৈ আছে আৰু ইয়াৰ প্রকৃত ব্যৱহাৰৰ জৰিয়তে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্রত এক নতুন মাত্রা সংযোজন কৰিব পৰা যাব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে অসম গেছ কোম্পানী লিমিটেডক ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান, ভগ্নী সংগঠন আৰু ইয়াৰ স্থানীয় প্রতিষ্ঠানসমূহৰ সৈতে সহযোগিতাৰে কাম কৰাৰ বাবে আহ্বান জনাই কয় যে এনে পদক্ষেপে কোম্পানীটোৰ কাম–কাজ আৰু উন্নয়নৰ যাত্রাপথত নতুন গতি প্রদান কৰিব৷ আজিৰ এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, শদিয়াৰ বিধায়ক তথা অসম গেছ কোম্পানী লিমিটেডৰ অধ্যক্ষ বলীন চেতিয়া, দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডি এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামী প্রমুখ্যে অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷