নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্কাৰৰ পাছত গ্ৰেমীৰ মঞ্চতো একাঁজলি শ্ৰদ্ধাঞ্জলি নাপালে লতা মংগেশকাৰে

বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ চলচিত্ৰ জগতৰ সৰ্বশ্ৰেষ্ঠ বঁটা অস্কাৰৰ মঞ্চৰ পাছত এইবাৰ গ্ৰেমী বঁটা প্ৰদানতো উদ্যোগক্তাই পাহৰিলে লতা মংগেশকাৰক। একাঁজলি শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা নহ’ল ‘নাইটিংগল অৱ ইণ্ডিয়া’ক। বিশ্বজুৰি সমাদৃত কণ্ঠ শিল্পীগৰাকীক অস্কাৰৰ পাছত গ্ৰেমীৰ মঞ্চতো মনত নেপেলোৱাত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে তেখেতৰ অনুৰাগীমহল। টুইটাৰত বিভিন্নজনে ভিন্নধৰণে ক্ষোভ ব্যক্ত কৰিছে। উল্লেখণীয় যে, শেহতীয়া বৰ্ষটোত হেৰুওৱা মনোৰঞ্জন জগতৰ আটাইবোৰ ব্যক্তিকে শ্ৰদ্ধাঞ্জলি জনোৱা হয় মেম’ৰিয়াম শাখাত। কিন্তু অস্কাৰৰ দৰে গ্ৰেমীৰ মেম’ৰিয়াম শাখাত লতা মংগেশকাৰক সোঁৱৰণ কৰা নহ’ল। প্ৰায় ৭০ বছৰ ধৰি সংগীতৰ জগতত ৰাজত্ব কৰা লতা মংগেশকাৰে যোৱা ফেব্ৰুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰে।

You might also like