নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকাত ছ’চিয়েল মিডিয়া বন্ধ কৰিলে চৰকাৰে

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ আর্থিক সংকটত জর্জৰিত দ্বীপ ৰাষ্ট্র শ্রীলংকাত এতিয়া চৰকাৰবিৰোধী গণবিক্ষোভৰ জুই দাওদাওকৈ জ্বলি উঠিছে৷ এই গণবিক্ষোভ দমন কৰিবলৈ প্রচেষ্টা চলাইছে শ্রীলংকা চৰকাৰে৷ জনতাৰ কণ্ঠ ৰোধ কৰিবলৈ ইয়াৰ পূর্বেই দেশজুৰি জাৰি কৰা হৈছে জৰুৰী অৱস্থা৷ ইফালে, ৩৬ ঘণ্টাৰ বাবে সান্ধ্য আইনো জাৰি কৰা হৈছে দেশখনত৷ এইবাৰ ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে৷ বন্ধ কৰি দিয়া হৈছে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্রাম৷ কালি নিশাৰ পৰা দেশখনত ছ’চিয়েল মিডিয়া বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয় চৰকাৰে৷

স্মর্তব্য যে গভীৰ সংকটৰ সন্মুখীন হৈছে শ্রীলংকা৷ নিত্যপ্রয়োজনীয় সামগ্রীৰ যোগান বন্ধ হৈ পৰিছে দেশখনত৷ কাগজৰ অভাৱত বন্ধ কৰিবলগীয়া হৈছে পৰীক্ষা তথা সংবাদ–পত্রৰ প্রকাশ৷ খাদ্যৰ ভীষণ নাটনি৷ ইয়াৰ উপৰি ঔষধ, পেট্র’ল–ডিজেল আদি এতিয়া নাইকিয়া হৈছে দেশখনত৷ এনে পৰিস্থিতিত শ্রীলংকাৰ ৰাষ্ট্রপতি গোটাবায়া ৰাজাপক্ষকেই দায়ী কৰিছে সাধাৰণ জনতাই৷ ৰাষ্ট্রপতিৰ বাসভৱনৰ সমীপত চলিছে বিক্ষোভ৷ পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ ৰাষ্ট্রপতিয়ে চেষ্টা চলাইছে যদিও অধিক শোচনীয় হৈ পৰিছে দেশৰ আর্থিক পৰিস্থিতি৷ গতিকে, দেশবাসীৰ ওপৰত এটাৰ পিছত এটাকৈ কঠোৰ ব্যৱস্থা আৰোপ কৰিছে চৰকাৰে৷

You might also like