১০ দিন দিল্লীত মাংস খাবলৈ নাপাব কোনেও… জাৰি চৰকাৰী নিৰ্দেশ, কিয় জানেনে
বিশেষ বাৰ্তা, ৫ এপ্ৰিলঃ অহা ২ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দিল্লীত মাংস খাবলৈ নাপাব কোনেও। কিয় জানেনে? কাৰণ সেইকেইদিন নৱৰাত্ৰি। ধৰ্মীয় এই ৰীতি পালন কৰাৰ সময়ত ভক্তসকলে মাছ-মাংস দূৰৈৰ কথা, আনকি নাখায় পিয়াঁজ-নহৰুৰ দৰে মছলাও। সেয়ে তেওঁলোকৰ অনুভূতিক সন্মান জনাই নিৰ্দেশনা আহিল দিল্লীৰ একাংশ পৌৰ নিগমৰ তৰফৰ পৰা। নৱৰাত্ৰিৰ সময়ত দিল্লীত বন্ধ কৰিব লাগিব মাংসৰ দোকান। দক্ষিণ দিল্লী, পূব দিল্লী আদি পৌৰ নিগমৰ মেয়ৰে মাংস বিক্ৰেতালৈ এই জাননী জাৰি কৰিলে। এই কেইদিনত কোনো দোকানীয়ে খুলিব নোৱাৰিব দোকান। কি প্ৰাথমিক কথাৰ ভিত্তিত এনে সিদ্ধান্ত লোৱা হ’ল সেই কথাৰ কোনো যুক্তিপূৰ্ণ উত্তৰ নাই মেয়ৰসকলৰ হাতত। কোনখিনি মানুহে ভাল নাপাব, কিবা সমীক্ষা কৰা হৈছে নেকি, এনে কথাৰ কোনো উত্তৰে নাই।