নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৃদয়স্পৰ্শী! যুদ্ধভূমিত কণমানিৰ পিঠিতে লিখিছে নাম-ঠিকনা

বিশেষ বাৰ্তা, ৫ এপ্ৰিলঃ হৃদয়স্পৰ্শী এখন ফটো, যোৱা কেইদিনত ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটোখনে আকৌ এবাৰ কৈছে যুদ্ধৰ ভয়াৱহতা আৰু সংশয়ৰ কথা। ফটোখন সৌ ইউক্ৰেইনৰ, য’ত যোৱা এমাহৰো অধিক সময় ধৰি চলি আছে যুদ্ধ। এজনী কণমানি ছোৱালীৰ পিঠিত মাকে লিখি দিছে নাম, ফোন নম্বৰসহিত ঘৰৰ ঠিকনা। ভয় যে- ৰুছ সেনাৰ আক্ৰমণত ক’ৰবাত যদি মাক-দেউতাক তথা পৰিয়ালৰ পৰা সন্তানটি বিচ্ছিন্ন হয় তেন্তে কোনোবাই যাতে তাইক আশ্ৰয় দিব পাৰে। এই ফটোখন আচলতে কণমানিজনীৰ মাকে নিজেই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে স্থানীয় ভাষাত। তাৰ পাছতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকে সেইখন টুইট কৰিছে। আচলতে ইউক্ৰেইনত এতিয়া প্ৰাণৰ ভয়ত থকা বহু মাকে সন্তানটিৰ দেহতে বাৰ্তা লিখিবলৈ লৈছে। কেনেবাকৈ যদি ৰুছ সেনাৰ আক্ৰমণত পৰিয়ালটিৰ মৃত্যু হয় আৰু সন্তানটি বাচি যায়, সেই সন্তানটিয়ে যাতে ক্ষণিক আশ্ৰয় পায় তাৰ বাবেই এই পন্থা অৱলম্বণ কৰিছে। অলপতে সংবাদ মাধ্যমত প্ৰকাশ হোৱা এক খবৰ অনুসৰি ৰুছ সেনাই ইউক্ৰেইনী শিশুসকলক এতিয়া মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে।

You might also like