দাদাৰ পৰা মামা… মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক ভালপোৱাৰ প্ৰমাণ
বিশেষ বাৰ্তা, ৬ এপ্ৰিলঃ মন্ত্ৰী পীযুষ হাজৰিকাই টুইটাৰত শ্বেয়াৰ কৰা এখন ফটোৱে বৰকৈ চৰ্চা লাভ কৰিছে। ফটোখন এখন অটোৰ। অটোখনৰ পাছফালে লিখা আছে এশাৰী বাক্য। সেই বাক্যশাৰীৰ বাবেই ফটোখন বিশেষ হৈ উঠিছে। সাধাৰণতে অটোবোৰৰ পিছফালটোবহুতে বিজ্ঞাপনৰ বাবেও ব্যৱহাৰ কৰে। কাৰণ তাত লগোৱা পোষ্টাৰ বা লিখা থকা বাক্য মানুহৰ খুব সহজে চকুত পৰে। এই অটোখনৰ পিছফালটোত অৱশ্যে বিজ্ঞাপনৰ বাক্য লিখা হোৱা নাই। লিখা হৈছে হৃদয়ৰ কথা। চালকজনে লিখিছে- I LOVE YOU HBS. মন্ত্ৰী পীযুষে লিখিছে যে তেওঁ ১৯৯১ চনৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষাভাৱে ৰাজনীতিৰ সৈতে জড়িত হৈ আছে।
I am politically involved since 1991, both directly and indirectly! I have never seen this kind of popularity of a Chief Minister! @himantabiswa sir is an inspiration. So proud to serve him in his Cabinet pic.twitter.com/lKcPwEBe0F
— Pijush Hazarika (@Pijush_hazarika) April 5, 2022
কিন্তু কোনো এজন মুখ্যমন্ত্ৰীৰে এনেধৰণৰ জনপ্ৰিয়তা তেওঁ আগেয়ে দেখা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ অনুপ্ৰেৰণা। তেওঁৰ কেবিনেটত সেৱা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছে পীযুষে। উল্লেখনীয় যে, অসমৰ ইতিহাসত কেইবাজনো জনপ্ৰিয় ৰাজনীতিকে মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছে। কিন্তু শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মৰম বুটলিব যেন কোনেও পৰা নাছিল। শিশুৰ পৰা বৃদ্ধ লৈ সকলোৰে প্ৰিয় মন্ত্ৰী হিমন্ত। দাদাৰ পৰা মামালৈ সকলোৰে আদৰৰ মুখ্যমন্ত্ৰী হিমন্তৰ।