৪ পাকিস্তানী ১৮ ইউটিউব নিউজ চেনেল নিষিদ্ধ কৰিলে
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ভুৱা বাতৰি সম্প্রচাৰেৰে দেশৰ ঐক্য–সংহতিত ব্যাঘাত জন্মাই থকা নিউজ চেনেল আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে কঠোৰ কেন্দ্রীয় চৰকাৰ৷ দেশৰ সংহতিৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ বাবে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে পাকিস্তানস্থিত চাৰিসহ ২২টা ইউটিউব আধাৰিত নিউজ চেনেল নিষিদ্ধ কৰিছে৷
পাকিস্তানস্থিত চাৰি ইউটিউব নিউজ চেনেলে টিভি নিউজ চেনেলৰ লগ’ ব্যৱহাৰ কৰি দর্শকক ভুল পথে পৰিচালিত কৰি থকাই নহয়, চেনেলকেইটাই ভুৱা বাতৰি প্রচাৰ কৰি ভাৰতৰ সম্প্রীতি–সংহতিত ব্যাঘাত জন্মোৱাৰ চেষ্টা চলাই আছে৷ ১৮টা ভাৰতীয় ইউটিউব চেনেলো নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ উপৰি চৰকাৰে তিনিটা টুইটাৰ একাউণ্ট, এটা ফেচবুক একাউণ্ট আৰু এটা নিউজ ৱেব ছাইট নিষিদ্ধ কৰিছে৷
মন কৰিবলগীয়া যে তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ বিবৃতিত প্রকাশ পোৱা মতে, নিষিদ্ধ কৰা ইউটিউব চেনেলকেইটাত ২৬০ কোটিতকৈ অধিক দর্শক আছে আৰু এই দর্শকসকলক ভুৱা বাতৰিৰ জৰিয়তে দেশৰ সংবেদনশীল ৰাষ্ট্রীয় নিৰাপত্তা, ভাৰতৰ বিদেশৰ সৈতে সম্পর্ক আৰু চৰকাৰী নীতিসমূহৰ বিষয়ে বিপথে পৰিচালিত কৰি আহিছে৷
উল্লেখ্য যে যোৱাবর্ষৰ ফেব্রুৱাৰী মাহত কেন্দ্রীয় চৰকাৰে জাৰি কৰা তথ্য–প্রযুক্তি নিয়ম ২০২১ৰ অধীনত প্রথমবাৰৰ বাবে ভাৰতীয় ইউটিউব আধাৰিক নিউজ চেনেলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ এই চেনেলবোৰত জম্মু–কাশ্মীৰ, দেশৰ সশস্ত্র বাহিনীৰ লগতে ভাৰতবিৰোধী অনেক বাতৰি প্রচাৰ চলাই আহিছে৷ তিনিটা ভাৰতীয় ইউটিউব আধাৰিক নিউজ চেনেলে ইউক্রেইনক লৈ ভুৱা বাতৰি প্রচাৰ কৰাৰ লগতে অনেক ভুৱা আলোকচিত্রও সম্প্রচাৰ কৰিছে৷
চৰকাৰে নিষিদ্ধ কৰা ভাৰতীয় ইউটিউব চেনেলকেইটা হৈছে– এআৰপি নিউজ, এডিপি নিউজ, এলডিচি নিউজ, চৰকাৰীবাবু, এছএছ জ’ন হিন্দী, স্মার্ট নিউজ, নিউজ ২৩ হিন্দী, অনলাইন খবৰ, ডিপি নিউজ, পিকেবি নিউজ, কিষাণটক, বৰোনা নিউজ, চৰকাৰী নিউজ, ভাৰত মৌচম, আৰজে জ’ন ৬, এক্সাম ৰিপ’ট, ডিজি গুৰুকুল, ডিমাগকি খবৰে৷ পাকিস্তানস্থিত ইউটিউব চেনেলকেইটা হৈছে দুনীয়া মেৰি আগে, গুলামনেহিমাদনী, হকীকত টিভি আৰু হকীকত টিভি ২০৷