নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধ মাজুলী-নিমাতি ফেৰি সেৱাঃ মাজুলীৰ পৰা যোৰহাটলৈ পৰিবহন বিভাগৰ বাছ সেৱাৰ মুকলি

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : আজি প্ৰায় ১৫ টা দিনে দি অহা নেৰা নেপেৰা বৰষুনৰ বাবে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হৈ আহিছে ৷ যাৰ বাবে আজিৰে পৰা বন্ধ হৈ পৰিছে মাজুলী -নিমাতিৰ ফেৰি সেৱা ৷ পন বন্দি হৈ পৰা মাজুলী বাসীক সকাহ দিবৰ বাবে মাজুলীৰ পৰা বগীবিল হৈ ASTC বাছ সেৱা যোৰহাটলৈ চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাজুলী পৰিবহন বিভাগে । বিভাগটোৱে তেঁওলোকৰ সামাজিক মাধ্যমৰ পেজত যোৰহাট লৈ যাব লগা ব্যক্তি সকলে উল্লেখ কৰা whatapp No 8638297915 /8134951283 ত নাম ঠিকনা আৰু ম’বাইল নম্বৰ পঠাই , মাজুলীৰ পৰা কোন ঠাইলৈ যাব সেইয়া উল্লেখ কৰাৰ আহ্বান জনাইছে । ASTC তৰফৰ পৰা যাব লগা যাত্ৰীক যোগাযোগ কৰি যোৰহাট লৈ যোৱাৰ সময় আৰু দিন জনাব বুলি আমাক জানিবলৈ দিয়ে ৷ আজিৰে পৰা মাজুলী – নিমাতিৰ ফেৰি সেৱা বন্ধ হোৱাৰ লগে লগে মাজুলী জিলা প্ৰশাসনে তৎপৰতাৰে জিলা পৰিবহন বিভাগৰ সহযোগত গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

প্ৰেৰকঃ  প্ৰাঞ্জল খাউণ্ড

You might also like