ফুৰিবলৈ যাব নেকি… এই দূৰ্গ হোটেলখনত এনিশা…
বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ দুবছৰে ক’ভিডৰ ভয়াৱহ দিন কটোৱাৰ পাছত এতিয়াহে কিছু সকাহ পাইছে মানুহে। বিধি-নিষেধাজ্ঞাবোৰো লাহে লাহে আঁতৰিবলৈ লৈছে। এনে সময়ত বহুতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে। যদিহে ভাৰতৰ ভিতৰতে ফুৰিবলৈ যাব বিচাৰিছে আৰু খুব ভাল লগা হোটেল এখনত থাকিব বিচাৰিছে তেন্তে আপুনি বাছিব পাৰে ৰাজস্থানৰ আলৱাৰস্থিত দ্য হিল ফ’ৰ্ট কেছৰ’লি। মৰুভুমিৰ নৈসৰ্গিক স্মৃতি আৰু বেছি স্মৰণীয় কৰিবলৈ ১৪ শতিকাৰ হাভেলিটোত এনিশা অন্ততঃ কটাব পাৰে। ৭০০ বছৰ পুৰণি ঐতিহাসিক এই হোটেল ৰিজ’ৰ্টখনৰ পৰা ৩৬০ ডিগ্ৰী কোণত পাহাৰ আৰু সুবিশাল পথাৰবোৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি। আলৱাৰৰ মনোৰোম সৌন্দৰ্য ইয়াত বহিয়ে উপভোগ কৰিব পাৰি। যদুবংশীয় ৰাজপুতে এই দুৰ্গ সজাইছিল। ইয়াৰ স্থপত্যকলা আৰু নিৰ্মাণ শৈলী অনন্য। এই ঠাইখনক হেৰিটেজ স্থল হিচাপে চৰকাৰে ঘোষণা কৰিছে। তাৰ পাছত ২০০৪ চনত হোটেল প্ৰতিষ্ঠান এটাই লীজত লৈছে। ৰিজ’ৰ্টখনত সকলো ধৰণৰে বিলাসিতা পাব পাৰিব।