নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা তিনিদিনীয়া কার্যসূচীৰে খানাপাৰাত ৰঙালীঃ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ দুবছৰৰ ব্যৱধানত আজিৰে পৰা তিনিদিনীয়া কার্যসূচীৰে ৰঙালী অনুষ্ঠিত হ’ব৷ গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰঙালীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উৎসৱৰ ষষ্ঠ সংস্কৰণটোৱে ভকেল ফৰ লকেল ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ৰঙালীৰ প্রদর্শনীত প্রায় ২০০জন উদ্যোগী, আত্মসহায়ক গোট, ষ্টার্ট–আপ, কৃষি উদ্যোগী, শিপিনী, শিল্পী, কৃষক, উৎপাদনকাৰী কোম্পানী, চৰকাৰী সংস্থা আৰু ঔদ্যোগিক সংগঠনৰ বিভিন্ন ব্যক্তি উপস্থিত থাকিব৷ ৰঙালীৰ মুখ্য আকর্ষণ হ’ব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দ্বাৰা অনুপ্রাণিত ভকেল ফৰ লকেল প্রদর্শনী৷

ৰঙালীয়ে অসমত তৈয়াৰ কৰা সামগ্রী যেনে– গাহৰি ব্রেণ্ডৰ মাংস, বাহুবলী কণী, ৰিপ’জ, কন্যাকা আৰু গৰুখুঁটি, ষ্টার্ট আপ উদ্যোগীসকলৰ প্রচুৰ সামগ্রীৰ প্রদর্শনী অনুষ্ঠিত কৰিব৷ ইয়াৰ লগতে থাকিব সমগ্র অসমৰ শিপিনী আৰু শিল্পীসকলে প্রদর্শন কৰা আকর্ষণীয় অসম হস্ততাঁত সামগ্রীৰ লগতে বিভিন্ন ধৰণৰ কাৰুশিল্প আৰু এ পি এ আৰ টি APART)ৰ দ্বাৰা কৃষি আৰু আনুষংগিক সামগ্রীৰ বৃহৎ প্রদর্শনী৷ খাদ্য হৈছে ৰঙালীৰ এক মুখ্য উপাদান৷ খাদ্যই পর্যটকসকলক আকর্ষণ কৰে৷ অসমৰ বাৰেৰহণীয়া খাদ্য–সম্ভাৰে পর্যটনত অৰিহণা যোগোৱাৰ সম্ভাৱনা প্রচুৰ৷ ৰঙালীত সমগ্র ভাৰতৰ বিভিন্ন ৰন্ধন প্রণালীৰ লগতে অসমৰ বিভিন্ন জনজাতি আৰু সম্প্রদায়ৰ জাতিগত, স্থানীয় খাদ্য যেনে– বডো, মিচিং, কার্বি, তিৱা, ডিমাচা খাদ্য প্রদর্শন কৰা হ’ব৷ খাদ্য প্রদর্শনীখন খাদ্য ব্লগাৰ ড০ গীতা দত্তই প্রস্তুত কৰিব, য’ত অসমৰ বিভিন্ন জনজাতি আৰু সম্প্রদায়ৰ অজস্র ব্যঞ্জন উপস্থাপন কৰা হ’ব৷

প্রিয়বন্ধু নামৰ বেচৰকাৰী সংস্থাটোৱে সমগ্র অসমৰ বৃহৎসংখ্যক প্রতিযোগীৰ অংশগ্রহণৰ সৈতে থলুৱা খাদ্য, নিৰামিষ, আমিষ আৰু মিঠা ব্যঞ্জনৰ এক খাদ্য প্রতিযোগিতা অনুষ্ঠিত কৰিব৷ ৰঙালীৰ প্রসংগত আজি এখন সংবাদ মেলত মুখ্য সংগঠক শ্যামকানু মহন্তই কয়– আমি ২০১৫ চনত ৰঙালী আৰম্ভ কৰিছিলোঁ৷ যাৰ উদ্দেশ্য আছিল অসমৰ জাতিগত বৈচিত্র্য প্রদর্শন কৰা৷ ৰঙালীয়ে আকর্ষণীয় সংগীত, নৃত্য, হস্তশিল্প, কাৰুশিল্পৰ লগতে ৰাজ্যখনৰ খাদ্য সংস্কৃতি প্রচাৰত গুৰুত্ব দি আহিছে৷ বিগত বছৰবোৰত বিভিন্ন সম্প্রদায়ৰ মিলনভূমিৰে ৰঙালী অসমৰ বাৰেৰহণীয়া উৎসৱৰ মঞ্চত পৰিণত হৈছে৷ ৰঙালী উদীয়মান শিল্পী, উদ্যোগীসকলৰ এক উমৈহতীয়া মঞ্চ আৰু এই মঞ্চই পর্যটকৰ পৰাও যথেষ্ট সহযোগ লাভ কৰিছে৷

ৰঙালী ২০২২–এ সামগ্রিকভাৱে অসমৰ বিভিন্ন দিশক একেখন মঞ্চৰ তললৈ আনিব বিচাৰিছে৷ ৰঙালীত বডো, মিচিং, ডিমাচা, ৰাভা, গোর্খা, চাহ জনজাতি, মৰাণ, কার্বি আদি বিভিন্ন সম্প্রদায়ে তেওঁলোকৰ বাৰেৰহণীয়া সংস্কৃতি প্রদর্শন কৰিব৷ ৰঙালীত প্রদর্শন কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা বৃহৎসংখ্যক সংগীত বেণ্ড, ডিজাইনাৰ, শিল্পীসকল আহিব৷ ‘লকেল ফৰ ভকেল’ প্রদর্শনীৰ জৰিয়তে চাহ জনজাতি সম্প্রদায়ৰ বিশেষ প্রদর্শনী এক মুখ্য আকর্ষণ হ’ব৷ ৰঙালীয়ে বিশেষভাৱে বিহু হুঁচৰি আৰু বিহুৱতী প্রতিযোগিতাৰ আয়োজন কৰিছে৷

সমগ্র অসমৰ শ্রেষ্ঠ বিহু হুঁচৰি দলবোৰে ইয়াত অংশ ল’ব৷ ৰঙালীৰ বাকৰিত সর্বকালৰ সর্বশ্রেষ্ঠ অসমীয়া মহাপুৰুষ শংকৰদেৱৰ সৃষ্ট ৫০০ বছৰ পুৰণি ৰাম বিজয়, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আদি অংকীয়া ভাওনাৰ প্রতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷ অসমৰ সম্ভাৱনাময় যুৱচামক এখন মঞ্চ দিবলৈ ৰঙালীয়ে হিপ হপ, অ’পেন মাইক আদি অনুষ্ঠানৰ আয়োজন কৰিছে৷ এই মঞ্চত সংগীত, কবিতা, নৃত্যকে ধৰি অন্যান্য কার্যকলাপ প্রদর্শন হ’ব৷ ৰঙালীয়ে অসম চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত হিয়া দিয়া নিয়া, মিছন চাইনা, ৰত্নাকৰ আদি ব্লকবাষ্টাৰ চিনেমাৰ বিশেষ প্রদর্শনৰ আয়োজন কৰিছে৷

আজি সন্ধিয়া জুবিন গার্গৰ অনুষ্ঠান পৰিৱেশনৰ পূর্বে এ এম টেলিভিছনৰ দ্বাৰা প্রযোজিত ড০ বেজবৰুৱা ছবিৰ সংগীত আৰু পোষ্টাৰ মুকলি কৰা হ’ব৷ ৰঙালীৰ মঞ্চত শ্রেষ্ঠ ডিজাইনাৰ, মডেল আৰু শ্ব’ ষ্টপাৰসকলৰ দ্বাৰা প্রদর্শিত পোছাকে অঞ্চলটোৰ সমৃদ্ধ হস্ততাঁত আৰু কাপোৰ প্রদর্শন কৰিব৷ এইবাৰ ৰঙালীৰ অন্যতম মুখ্য আকর্ষণ হৈছে বলীউডৰ তাৰকা আৰু সংগীতজ্ঞ শ্রুতি হাছান৷ তেওঁ অসম সন্তান শান্তনু হাজৰিকাৰ দৰে প্রতিভাশালী শিল্পীৰ সৈতে ৰঙালীত উপস্থিত থাকিব৷

You might also like