নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনবিভাগে নাহৰফুটুকীৰ পোৱালীৰ প্ৰত্যক্ষ কৰিও কিয় উদ্ধাৰ কৰিব নোৱাৰিলে

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ বৃহস্পতিবাৰে ডিব্ৰুগড়ত উদ্ধাৰ কৰা হয় তিনিটা নাহৰফুটুকীৰ পোৱালী। ডিব্ৰুগড়ৰ হাতীগড় অঞ্চলৰ এজন লোকৰ বাসগৃহৰ পিছফালে উদ্ধাৰ হয় পোৱালীকেইটা। লোকজনৰ নাম মণ্টো ছব। ইয়াৰ পিছত স্থানীয় লোকে বনবিভাগক খবৰ দিয়ে, যদিও বন বিভাগে তাত উপস্থিত হৈ পোৱালী কেইটাৰ বয়স অতি কম হোৱাৰ বাবে, যাতে মাকে সময়ত পোৱালী কেইটাক উক্ত স্থানত পুনৰ বিচাৰি আহিব পাৰে বুলি আশংকা কৰি, সেই স্থানতে পোৱালী কেইটাক ৰখাৰ ব্যৱস্থা কৰে। অৱশ্যে নাহৰফুটুকীৰ পোৱালী উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

You might also like