নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহু নে বৰষুণ! ৰঙালীৰ উদযাপনত বাধা দিব নেকি বতৰে

বিশেষ বাৰ্তা, ১২ এপ্ৰিলঃ প্ৰায় দুবছৰৰ মূৰত অসমবাসীয়ে বৰ হেঁপাহেৰে ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে। কিন্তু বতৰে দিব নেকি বিধি-পথালি! ১৩ এপ্ৰিল অর্থাৎ বুধবাৰৰ পৰা দেওবাৰলৈ ৰাজ্যৰ ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ১৩ আৰু ১৪ এপ্ৰিলত প্ৰৱল বৰষুণ হ’ব। লগতে বতাহ-বৰষুণ হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে। অৱশ্যে তাৰ পাছৰকেইদিন কিছু মুকলি হ’ব পাৰে বতৰ। বৰষুণৰ বাবে ৰাজ্যত হ্ৰাস পাব তাপমাত্ৰাও। ইফালে আজি আৰু কাইলৈ দিনটোও ডাৱৰীয়া হৈয়ে আছে। যোৱা দিনকেইটাতো আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হৈয়ে আছে।

You might also like