নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত কঠোৰ হ’ব সুৰক্ষা ব্যৱস্থা

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ নিৰাপত্তাৰ দিশটো পর্যালোচনাৰ অর্থে কালি শুৱালকুছি জ্যোতিক্ষেত্রত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয়৷ সভাত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান হৰমিট সিং উপস্থিত থাকি অধিৱেশনৰ সকলো দিশৰ নিৰাপওা সম্পর্কে আলোচনা কৰে৷

লগতে আইন–শৃংখলাৰো পর্যালোচনা কৰি এই সম্পর্কত বিভিন্ন ব্যৱস্থা গ্রহণ কৰে৷ তেওঁ বিশেষকৈ গাডী পার্কিং, গাডীৰ পাছ আদি যথেষ্ট মাত্রাত নিয়ন্ত্রণ কৰা হ’ব বুলি উল্লেখ কৰে৷ লগতে সাংবাদিকৰ পাছ সন্দর্ভত কঠোৰ হ’ব বুলি কৈ তেঁ এটা হাউছক দুখন পাছহে দিয়া হ’ব বুলিও কয়৷

শুৱালকুছি সাংবাদিক সন্থাই আৰক্ষীৰ এনে সিদ্ধান্তত সন্তুষ্টি প্রকাশ কৰিছে আৰু সাংবাদিকৰ বাবে প্রয়োজনী পাছ দিয়াৰ ব্যৱস্থা কৰিব বুলি আশা প্রকাশ কৰিছে৷ ইয়াৰ উপৰি ৰাষ্ট্র্রপতিৰ নিৰাপত্তাৰ দিশটোৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা হয়৷ অধিৱেশনৰ প্রৱেশ আৰু প্রস্থান পথ আদিত যাতে কোনো ধৰণৰ যান–জঁটৰ সৃষ্টি নহয় সেই সন্দর্ভতো আলোচনা হয়৷

সভাত ডি আই জি ব্রজেনজিত সিং, এছ পি (টি) প্রণৱজ্যোতি গগৈ, কামৰূপ এছ পি পার্থ সাৰথি মহন্ত প্রমুখ্যে কেইবাজনো আৰক্ষী বিষয়া উপস্থিত থাকে৷ আদৰণী সমিতিৰ পৰা কার্যকৰী সভাপতি তথা উপায়ুক্ত কমল কুমাৰ বৈশ্য, সম্পাদক অনিল বৈশ্য প্রমুখ্যে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷

You might also like