নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়া অসামৰিক চিকিৎসালয়ত ৩ মাহত ৫১টা জটিল অস্ত্ৰোপচাৰ সম্পন্ন

নিয়মীয়া বাৰ্তা , ১২ এপ্ৰিল: চৰকাৰী স্বাস্থ্য খণ্ডৰ চিকিৎসা সেৱাৰ প্ৰতি থকা জনসাধাৰণৰ ধাৰণাৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত। চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যৰ নেতৃত্বত চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলৰ আশাশুধীয়া প্ৰচেষ্টাত বিগত তিনি মাহৰ পৰা বৰ্তমানলৈ সফলভাবে সম্পন্ন হৈছে ৫১টাকৈ জটিল অষ্ট্ৰোপচাৰ। এপেণ্ডিক্স ,হাৰ্নিয়া আদিৰ দৰে জটিল ৰোগত আক্ৰান্ত ৫১গৰাকীকৈ ৰোগীৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পন্ন কৰা হয় । চিকিৎসালয়খনৰ শৈল্য চিকিৎসক পিকুলি হাজৰিকাৰ বিশেষ উদ্যোগত ডা: মিন্তুমণি দাস, ডাঃ ত্ৰৈলোক্য নাথৰ সহযোগত ইতিমধ্যে সম্পন্ন হোৱা অস্ত্ৰোপচাৰৰ পাছত আৰোগ্য হৈ উঠিছে ৰোগীসকল । ৰাজ্যৰ চৰকাৰী স্বাস্থ্য সেৱাৰ প্ৰতি থকা জনসাধাৰণৰ ধাৰণাৰ বিপৰীতে মহকুমা অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপে স্বাভাৱিকতে ৰঙিয়াবাসীৰ বাবে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ৰঙিয়াবাসীৰ মনত ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like