নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক ৰাছিয়াত প্রৱেশত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক ৰাছিয়াত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰিছে মস্কোই৷ ইউক্রেইনৰ ওপৰত আক্রমণ চলোৱা ৰাছিয়াৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অর্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে ৰাছিয়াই ব্রিটিছ প্রধানমন্ত্রীগৰাকীক্ নিজ দেশত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰিছে৷ প্রধানমন্ত্রীৰ উপৰি কেইবাগৰাকীও শীর্ষ বিষয়াক ৰাছিয়াত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰা বুলি দেশখনৰ বৈদেশিক মন্ত্রালয়ে আজি ঘোষণা কৰিছে৷

উল্লেখ্য যে ৰাছিয়াৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰা ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে অলপতে ইউক্রেইনৰ ৰাজধানী কিয়েভলৈ আহি ইউক্রেইনৰ ৰাষ্ট্রপতি ভলোডিমি জেলেনস্কিক সাক্ষাৎ কৰি দেশখনৰ প্রতি সহমর্মিতা প্রকাশ কৰিছিল৷ ব্রিটিছ প্রধানমন্ত্রীগৰাকীৰ্ এই কার্যৰ বাবে ক্ষুব্ধ হৈ থকা ৰাছিয়াই গ্রেট ব্রিটেইনৰ পৰা অর্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ পিছতে প্রধানমন্ত্রীগৰাকীৰ্ বিৰুদ্ধে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাছিয়ালৈ বিলাসী সামগ্রী ৰপ্তানি নিষিদ্ধ কৰাৰ লগতে ৩৫০জন ব্যক্তি আৰু কোম্পানীৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে ব্রিটেইনে৷

You might also like