ক’ৰোনা ভাইৰাছঃ চীনত মৃত্যুৰ সংখ্যা ১৭জনলৈ বৃদ্ধি
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ মানুহৰ পৰা মানুহলৈ সংক্রমণ ঘটা মাৰাত্মক ক’ৰোনা ভাইৰাছে চীন তথা এছিয়াৰ কেইবাখনো ৰাষ্ট্রত আতংকৰ সৃষ্টি কৰাৰ পিছতেই এই ভাইৰাছবিধৰ উৎসস্থলী হিচাপে চিহ্ণিত ৱুহান প্রদেশত ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ কৰিছে চৰকাৰে৷
স্মর্তব্য যে এতিয়ালৈকে চীন তথা কেইবাখনো দেশত পাঁচ শতাধিক লোক এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱাৰ লগতে ১৭গৰাকীয়ে প্রাণ হেৰুৱাইছে৷ ৱুহান প্রদেশৰ পৰা এই ভাইৰাছবিধৰ সংক্রমণ ঘটা বুলি বেইজিং প্রশাসন নিশ্চিত হোৱাৰ পিছতেই প্রদেশখনত অন্য স্থানৰ লোকৰ প্রৱেশত বাধা আৰোপ কৰিছে প্রশাসনে৷
ইফালে বিশ্ব স্বাস্থ্য সংস্থাই এই বিষয়টোক লৈ আজি পুনৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে৷ ইফালে ছৌদি আৰবত কর্মৰত কেৰালাৰ কমেও ৩০গৰাকী নার্ছ এই ভাইৰাছত আক্রান্ত হোৱাৰ আশংকা কৰি হাস্পতালত ভর্তি কৰোৱা হয়৷ পৰীক্ষাৰ পিছত ইয়াৰ এগৰাকী নার্ছৰ দেহত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ কেৰালাৰ মুখ্যমন্ত্রী পিনাৰাই বিজয়নে এই সন্দর্ভত বৈদেশিক পৰিক্রমা মন্ত্রী জয়শংকৰলৈ এখন পত্র প্রেৰণ কৰি বিষয়টো সন্দর্ভত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে৷