লণ্ডনত ভাৰতীয় সংবিধান দাহ কৰিব পাকিস্তানী নাগৰিকে
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ভাৰতবিৰোধী প্রতিবাদেৰে পাকিস্তানী নাগৰিকৰ এটা গোটে গণৰাজ্য দিৱসৰ দিনা লণ্ডনত ভাৰতীয় দূতাৱাসৰ সন্মুখত ভাৰতীয় সংবিধান দাহ কৰাৰ পৰিকল্পনা কৰিছে৷
এই সন্দর্ভত ভাৰতীয় উচ্চায়ুক্তই ব্রিটেইন চৰকাৰৰ ওচৰত উদ্বেগ প্রকাশ কৰিছে৷ এই প্রতিবাদী কার্যসূচী বন্ধ কৰিবলৈ বহু প্রৱাসী ভাৰতীয়ই ব্রিটেইনৰ বিভিন্ন বিভাগক আহ্বান জনাইছে৷ পাকিস্তানী গোটটোৱে কাশ্মীৰ বিবাদৰ শান্তিপূর্ণ সমাধান বিচাৰি এই প্রতিবাদী কার্যসূচী হাতত লোৱা বুলি ব্রিটেইনৰ তেহৰিক–ই–কাশ্মীৰৰ সভাপতিয়ে জনাইছে৷