হিলাৰী ক্লিণ্টনৰ বিৰুদ্ধে তুলসী গাবার্ডৰ মানহানি গোচৰ
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ স্বাধীনচিতীয়া মনৰ ডেমক্রেটিক সাংসদ তুলসী গাবার্ডে প্রাক্তন বিদেশ সচিব হিলাৰী ক্লিণ্টনৰ বিৰুদ্ধে ৫০ নিযুত ডলাৰৰ মানহানি গোচৰ তুলি আমেৰিকাৰ ৰাজনীতিত সৃষ্টি কৰিছে খলকনি৷
মার্কিন কংগ্রেছলৈ নির্বাচিত হোৱা প্রথমগৰাকী হিন্দু আমেৰিকান মহিলা গাবার্ডে অভিযোগ কৰা অনুসৰি হিলাৰীয়ে তেওঁক ‘ৰাছিয়ান সম্পদ’ আখ্যা দি মানহানি কৰিছে৷ আমেৰিকাত হিলাৰীয়ে ভাবমূর্তি ম্লান কৰা বুলি অভিযোগ আনিছে সাংসদগৰাকীয়ে৷
উল্লেখনীয় যে ২০১৬ চনত মার্কিন ৰাষ্ট্রপতি নির্বাচনত ডেমক্রেটিক পার্টীৰ প্রার্থিত্বৰ দৌৰত হিলাৰী অৱতীর্ণ হোৱাৰ সময়ৰে পৰা নেত্রীগৰাকীৰ সৈতে তুলসী গাবার্ডৰ বিভিন্ন বিষয়ক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল৷ সেই মতানৈক্যৰ এতিয়াও অৱসান ঘটা নাই৷ কালি মানহাট্টন ফেডাৰেল আদালতত হিলাৰীৰ বিৰুদ্ধে তুলসী গাবার্ডে গোচৰ ৰুজু কৰাৰ পিছতে অৱশ্যে হিলাৰী ক্লিণ্টনে সকলো অভিযোগ অস্বীকাৰ কৰিছে৷
২০১৬ত হিলাৰী ক্লিণ্টন ডেমক্রেটিক পার্টীৰ ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে নির্বাচিত হোৱাৰ সময়তে তুলসী গাবার্ডে ডেমক্রেটিক নেচনেল কমিটীৰ উপাধ্যক্ষৰ পৰা পদত্যাগ কৰিছিল৷