নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীত ‘প্ৰিয়বন্ধু বহুমুখী বিদ্যালয়’ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ সোমবাৰে নাৰেংগীৰ যুৱনগৰৰ নামঘৰ পথত ‘অৰ্চনা বৰঠাকুৰ শৈক্ষিক ন্যাসে’ ‘প্ৰিয়বন্ধু বহুমুখী বিদ্যালয়’ শীৰ্ষক এখন বিদ্যালয়ৰ শুভাৰম্ভ কৰে। বিদ্যালয়খন মূলতঃ গুৱাহাটীৰ বিভিন্ন বস্তি অঞ্চলত বসবাস কৰা, অথবা পদপথত বসবাস কৰা বিদ্যা – শিক্ষাৰ পোহৰ নেদেখা শিশুসকলৰ সৰ্বাংগীণ উত্তৰণৰ (শাৰীৰিক মানসিক আৰু বৌদ্ধিক) হকে সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ উদ্দেশ্যেৰে স্থাপন কৰা হৈছে।

ইতিমধ্যে অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান ‘অসম জাতীয় বিদ্যালয়’ৰ পাঠ্যক্ৰমক এইখন শিক্ষানুষ্ঠানৰ বাবেও গ্ৰহণ কৰা হৈছে। এই শুভাৰম্ভ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি সভা সোমবাৰে বিয়লি ৫ বজাত নাৰেংগী যুৱনগৰৰ এছ আৰ একাডেমীত অনুষ্ঠিত কৰা হয়।

ৰেইকী গুৰু ড.ৰূপাঞ্জলী সৎনামীয়ে শুভ উদ্বোধন কৰা অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট উদ্যোগী শ্যামকাণু মহন্ত, ছেবাৰ প্ৰাক্তন সচিব শান্তিকাম হাজৰিকা, কামৰূপ মেট্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰা, জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ মন:স্তত্ববিদ নিমি বৰগোঁহাই, বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা ড০ বুলজিৎ বুঢ়াগোহাঁইকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি। পদপথ আৰু বস্তি অঞ্চলৰ শিশুক সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদান কৰাৰ বাবে ‘অৰ্চনা বৰঠাকুৰ শৈক্ষিক ন্যাসে’ এই বিদ্যালয় খন স্থাপন কৰাৰ বাবে উপস্থিত আটাইয়ে উচ্চ প্ৰশংসা কৰে।

You might also like