আফগান মছজিদত নৰসংহাৰ; ৩১জন নিহত
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ৰমজান মাহত সন্ত্রাসবাদীৰ নৰসংহাৰত ৰক্তাক্ত হৈছে তালিবানশাসিত আফগানিস্তান৷ আজি দেশখনত চাৰিটাকৈ বিস্ফোৰণ সংঘটিত হৈছে৷ এই বিস্ফোৰণত কমপক্ষেও ৩১গৰাকী লোকৰ প্রাণহানি হোৱাৰ উপৰি আন ৮৭গৰাকী গুৰুতৰভাৱে আহত হৈছে৷ স্থানীয় চৰকাৰী বিষয়া আৰু দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ প্রথমটো বিস্ফোৰণ দুপৰীয়া ৰমজানৰ নামাজ চলি থকা সময়তে মাজাৰ–ই–শ্বৰীফ চহৰত এটা ছিয়া সম্প্রদায়ৰ মছজিদত সংঘটিত হয়৷ আত্মঘাতী সন্ত্রাসবাদীয়ে এই বিস্ফোৰণটো সংঘটিত কৰা বুলি সংবাদ সংস্থা বিবিচিয়ে সদৰী কৰিছে৷
স্মর্তব্য যে কুখ্যাত ইছলামিক ষ্টেট জেহাদী গোটে এই বিস্ফোৰণটোৰ দায়িত্ব স্বীকাৰ কৰিছে৷ অৱশ্যে আন তিনিটা বিস্ফোৰণত ইছলামিক ষ্টেট জড়িত নহয় বুলি জেহাদী গোটটোৰ পৰা তাৎক্ষণিকভাৱে বিবৃতি প্রকাশ কৰা হৈছে৷ দ্বিতীয়টো বিস্ফোৰণ সংঘটিত হয় কুণ্ডুজ চহৰৰ এখন থানাৰ সমীপত৷ এই বিস্ফোৰণটোত চাৰিগৰাকী লোক নিহত হোৱাৰ উপৰি আন ১৮গৰাকী আহত হৈছে৷ ইফালে নানগড়হাৰত তালিবানৰ বাহনত সংঘটিত এক বিস্ফোৰণত চাৰিজন নিহত হোৱাৰ উপৰি আন এজন আহত হৈছে৷ চতুর্থটো বিস্ফোৰণ কাবুলত সংঘটিত হয় আৰু ইয়াত আহত হৈছে দুটি শিশু৷