প্রধানমন্ত্রীয়ে ৰাজ্যব্যাপী শুভাৰম্ভ কৰিলে অমৃত সৰোবৰৰঃ প্রধানমন্ত্রীৰ আগমনে কার্বি ভূমিত নতুন প্রাণৰ সঞ্চাৰ কৰিছেঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ আধুনিক শিক্ষাৰে মানৱ সম্পদ সৃষ্টি, কৃষি আৰু পশুধন খণ্ডৰ উন্নতিকৰণ তথা যুৱ সবলীকৰণৰ উদ্দ্যেশেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত কার্বি আংলঙৰ লৰিংথেপিত জিলাখনৰ মাঞ্জাত স্থাপন কৰিবলগীয়া পশু চিকিৎসা মহাবিদ্যালয় আৰু পশ্চিম কার্বি আংলং জিলাৰ কলঙাত স্থাপন কৰিবলগীয়া কৃষি মহাবিদ্যালয়, ওমপানাইত স্থাপন কৰিবলগীয়া আদর্শ চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ আনহাতে, প্রধানমন্ত্রীয়ে প্রতিখন জিলাত ১ হেক্টৰ এলেকাযুক্ত ৭৫টা তকৈ অধিক জলাশয়ত জল সংৰক্ষণ আৰু জীৱিকা সৃষ্টিৰ উদ্দেশ্যৰে ২৯৮৫ অমৃত সৰোবৰৰ ৰাজ্যব্যাপী শুভাৰম্ভ কৰে৷ একতা, শান্তি আৰু প্রগতিৰ বাবে লৰিংথেপিত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অনন্য কলা–সংসৃক্তি আৰু প্রাকৃতিক সম্পদেৰে সমৃদ্ধ কার্বি আংলঙৰ ইতিহাসত আজি এক গৌৰৱোজ্জ্বল দিন৷ মুখ্যমন্ত্রীয়ে কয় যে কার্বি ভূমিত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আগমনে নতুন প্রাণৰ সঞ্চাৰ কৰিছে৷ ভাৰতৰত্ন ডঙ্ম ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই মুখ্যমন্ত্রীয়ে কয় যে কার্বিসকল কর্মঠ আৰু সংসৃক্তিবান জাতি৷ অসমৰ জাতীয় জীৱন আগুৱাই নিয়াত কার্বিসকলে উল্লেখনীয় অৱদান আগববাই আহিছে৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বলিষ্ঠ পদক্ষেপৰ ফলত কার্বিভূমিলৈ স্থায়ী শান্তি ঘূৰি আহিছে৷ শেহতীয়াকৈ স্বাক্ষৰিত কার্বি শান্তি চুক্তিয়ে কার্বি ৰাইজৰ আশা–আকাংক্ষা পূৰণেৰে সমগ্র অঞ্চলটোলৈ শান্তিৰ নতুন বাতাবৰণ কঢ়িয়াই আনিছে বুলিও মুখ্যমন্ত্রীগৰাকীয়ে কয়৷ মুখ্যমন্ত্রী ডঙ্ম হিমন্ত বিশ্ব শর্মাই কয় যে শান্তি আৰু প্রগতিক নতুন গতি দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মাঞ্জাত এখন পশু চিকিৎসা মহাবিদ্যালয়, পশ্চিম কার্বি আংলঙত এখন কৃষি মহাবিদ্যালয় আৰু ওমপানাইত চৰকাৰী মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ লৈছে৷ তেওঁ লগতে কয় যে কার্বি শান্তি চুক্তিৰ সফল ৰূপায়ণৰ বাবে দায়বদ্ধতাৰে আগবািি অসম চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ প্রধানমন্ত্রীয়ে জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে অসমৰ প্রতিখন জিলাতে ৭৫টাকৈ অমৃত সৰোবৰ নির্মাণৰ বাবে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে উদ্যাপিত অমৃত মহোৎসৱৰ শুভক্ষণত এয়া ৰাষ্ট্রৰ বাবে এক উল্লেখযোগ্য গঠনমূলক কার্য৷ প্রতিটোপাল পানী সংৰক্ষণ আৰু জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণৰ্ লক্ষ্যৰে সমগ্র অসমত প্রায় তিনি হাজাৰ অমৃত সৰোবৰ গিি তোলা হব৷ প্রতিটো অমৃত সৰোবৰৰ মাটিকালি প্রায় ১ বর্গ হেক্টৰ হব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা সংশ্লিষ্ট গাঁওবাসীৰ বাবে পর্যাপ্ত পানী উপলব্ধ হব, মৎস্য উৎপাদন হব, বৃক্ষৰোপণৰ জৰিয়তে পৰিৱেশ সুৰক্ষিত হব৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা আৰু মীন বিভাগৰ যৌথ উদ্যোগত এই অভিযান ৰূপায়ণ কৰা হব৷ অমৃত সৰোবৰসমূহক ফুড্ কর্ট, পানীৰ ফোঁৱাৰা আৰু আলোকসজ্জা আদিৰে আকর্ষণীয় কৰি তোলা হব বুলিও মুখ্যমন্ত্রী ডঙ্ম শর্মাই কয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশাল জন সমুদ্রক সম্বোধন কৰা শান্তি, একতা আৰু উন্নয়নৰ এই ৰেলীত আদৰণি ভাষণ প্রদান কৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ আজিৰ এই অনুষ্ঠানত জলসম্পদ মন্ত্রী পীযুষ হাজৰিকা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহন, বিধায়ক ভৱেশ কলিতা, কার্বি ৰজা ৰামছিং ৰংহাং, সাংসদ হৰেণ ছিং বে, বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ তথা অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷