নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ দেশত ক’ৰোনাৰ সংক্রমণৰ চতুর্থ জোৱাৰ আৰম্ভ হৈছে৷ ইতিমধ্যে ৰাজধানী দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ক’ৰোনাৰ সংক্রমণৰ তীব্রতা দ্রুতগতিত বৃদ্ধি পাইছে৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে কালি ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হৈ প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰিছিল যে টিকাকৰণেই ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধৰ একমাত্র পথ৷ বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্রান্ত হৈছে ৩,৩০৩জন লোক৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ অকল দিল্লীতেই সহস্রাধিক লোক এই সময়ছোৱাত ক’ৰোনাত আক্রান্ত হৈছে৷