কাছাৰত পুৰুষৰ সমান্তৰালভাৱে যুৱতী-মহিলাই অংশগ্ৰহণ কৰিলে ঈদৰ নামাজত
নিয়মীয়া বাৰ্তা, ৩ মে: মঙলবাৰে পৱিত্ৰ ঈদ উল ফিটৰৰ নামাজত কাছাৰ জিলাৰ একাংশ ঠাইত পুৰুষৰ সতে সমান্তৰালভাৱে যুৱতী-মহিলাই নামাজত অংশগ্ৰহণ কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভাৰ আৰকাটিপুৰ, দয়াপুৰ, সোণাই বিধানসভাৰ কাজিডহৰসহ বিভিন্ন স্থানত পুৰুষৰ লগতে যুৱতী- মহিলাই ঈদৰ নামাজ অংশ গ্ৰহণ কৰিছে ৷ উল্লেখযােগ্য যে, ইসলাম ধর্মাবলম্বীৰ মাজত বিশ্বাস যে মছজিদত অকল পুৰুষে নামাজ আদায় কৰিব পাৰে। প্ৰাচীন কালৰে পৰাই এইটো প্ৰচলিত নিয়ম আছিল। কিন্তু যোৱা কেইবছৰ মানৰ পৰা উধাৰবন্দ সমষ্টিৰ আৰকাটিপুৰ, দয়াপুৰ, সোণাই বিধানসভাৰ কাজিডহৰ এলেকাৰ মহিলাই ঈদৰ নামাজ পুৰুষৰ সতে সমান্তৰালভাৱে মছজিদত আদায় কৰি আহিছে। জানিব পৰা মতে,মহিলাই মছজিদত নামাজ পঢ়িব নোৱাৰে বুলি ইছলাম ধৰ্মৰ ক’ত পোৱা নাযায়। জানিব পৰা মতে, ঈদৰ দিনাৰ বাহিৰে আন দিনতো উক্ত অঞ্চলৰ মহিলাই মছজিদত নামাজ আদায় কৰি আহিছে। অৱশ্যে পুৰুষৰ সতে সমান্তৰালভাৱে মহিলাই নামাজ আদায় কৰিলেও তেওঁলোকক পিছৰ শাৰীতহে স্থান দিয়া হৈছে।
প্ৰেৰক গৌতম তালুকদাৰ