নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বাঙালী কৃতজ্ঞ হ’ব লাগে অসমীয়াৰঃ শিলাদিত্য

গোসাঁইগাঁৱত নেতাজী জয়ন্তীৰ অনুষ্ঠানত বিধায়ক শিলাদিত্য দেৱ

নিয়মীয়া বার্তা, ২৫ জানুৱাৰীঃ ‘দেশত শান্তি নহ’লে প্রগতি– উন্নতি সম্ভৱ নহয় ৷ উগ্রপন্থাৰ দ্বাৰা কোনো সমস্যা সমাধান নহয় ৷ যাৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন উগ্রপন্থী সংগঠনৰ লগত আলোচনা কৰি মূলসুঁতিলৈ ঘূৰাই আনি আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল ৷ যাৰ ফলস্বৰূপে যোৱা কেইদিনত অসমৰ প্রায় সকলো বিদ্রোহী সংগঠনে অস্ত্র সম্বৰণ কৰি শান্তিৰ বাটত ভৰি দিছে ৷ যাৰ ভিতৰত এন ডি এফ বি (এছ), বাঙালী জনমুক্তি বাহিনী, কে এল অ’, আলফা, ৰাভা আৰু আদিবাসী জনগোষ্ঠীৰ একাংশ উগ্রপন্থী সংগঠনৰ সদস্যই ইতিমধ্যে সশস্ত্র পন্থা এৰি মূলসুঁতিলৈ ঘূৰি আহিছে ৷ ইয়াৰে বাঙালী জনমুক্তি বাহিনীৰ ৩০৩গৰাকী সদস্যই সশস্ত্র পন্থা এৰি মূলসুঁতিলৈ ঘূৰি আহিছে ৷ তেওঁলোকক চৰকাৰে যথাযোগ্য মর্যাদা দি জাতীয় সমস্যাবোৰৰ স্থায়ী সমাধান কৰাৰ লগতে আত্মসমর্পণ কৰাসকলক চৰকাৰৰ তৰফৰ পৰা সংস্থাপন দিব বুলি আশা প্রকাশ কৰে হোজাই বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে ৷

তেওঁ বিটিচিৰ উন্নীতকৰণ প্রসংগত কয় যে বিটিচিত বসবাস কৰা অজনজাতীয় লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ লগতে ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত ৰখাৰ বিষয়টোত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে গুৰুত্ব দি আহিছে আৰু আগলৈকেও গুৰুত্ব দি যাব ৷ ভাৰতীয় নাগৰিকসকল দেশৰ যি প্রান্ততে নথাকক কিয়, তেওঁলোকৰ নাগৰিক অধিকাৰ এশ শতাংশ সুৰক্ষিত থাকিব ৷ সংগ্রামী জাতি হিচাপে বাঙালীসকলৰ পৰিচিতি আছে যদিও স্বৰাজোত্তৰ কালত বাঙালীসকলে বলিদানৰ ফল লাভ কৰা নাই ৷ কিন্তু সত্তৰ দশকৰ পিছত বর্তমানৰ চৰকাৰে বাঙালীৰ ত্যাগ আৰু বলিদানৰ মর্যাদা দিবলৈ আগবাঢ়িছে ৷ অসম যদি ভাৰতবর্ষত চামিল হৈছে, সেয়া নেতাজী সুভাষ চন্দ্র বসুৰ অৱদানৰ বাবে হৈছে ৷ অসমত বসবাস কৰা বাঙালীসকলৰ মাতৃভাষা বাঙালী যদিও তেওঁলোক হাড়ে–হিমজুৱে অসমীয়া ৷ অসমৰ ভাষা–সংস্কৃতি, কলাকৃষ্টি ৰক্ষা কৰাৰ দায়িত্ববাঙালীয়ে ল’ব লাগিব ৷ অসমত জন্মলাভ কৰা প্রতিগৰাকী বাঙালীৰ জন্মভূমি অসম ৷ গতিকে মাতৃভূমিক ৰক্ষা কৰাৰ দায়িত্ব প্রতিগৰাকী বাঙালীৰ ৷ এনআৰচিত বাদ পৰা হিন্দু বাঙালীসকলৰ কি হ’ব বুলি প্রশ্ন কৰাত বিধায়কগৰাকীয়ে স্পষ্টকৈ কয়– ‘অসমৰ দৰে সমগ্র দেশত এন আৰ চি হ’বলৈ গৈ আছে ৷ একেটা মডেলিটীত সমগ্র দেশত হ’বলগীয়া এন আৰ চিত অসমৰ বাদ পৰাসকলক অন্তর্ভুক্ত কৰা হ’ব ৷’

অসমৰ এনআৰচিক এনপিআৰ হিচাপে লৈ অসমত বাদ পৰা হিন্দু বাঙালীৰ নাম এনআৰচিত অন্তর্ভুক্ত কৰাৰ দাবী জনায় শিলাদিত্য দেৱে ৷ অসমত চূড়ান্ত হোৱা এনআৰচি সঠিকভাৱে হোৱা নাই ৷ অসমৰ এন আৰ চিত ৮০ লাখ অবৈধ বাংলাদেশী মুছলমান আছে ৷ ১৯৭১ চনক ভিত্তিবর্ষ আমি নামানো ৷ ১৯৫১ চনক ভিত্তিবর্ষ হিচাপে লৈ নতুনকৈ এখন বাংলাদেশীমুক্ত এন আৰ চিৰ দাবীত অচিৰেই তেওঁ পুনৰ সৰৱ হ’ব বুলি মন্তব্য কৰে ৷ অসমীয়া, বাঙালী, বডো, আদিবাসী আদি সকলো জনগোষ্ঠীক ঐক্যবদ্ধ হৈ হিন্দুত্ব ৰক্ষা কৰাৰ দাবী জনায় ৷ অসমত বসবাস কৰা বাঙালী জনগোষ্ঠীৰ বিষয়ে বিধায়কগৰাকীয়ে আৰু কয়– ইয়াত বসবাস কৰা বাঙালী জনগোষ্ঠীৰ লোকসকলে অসমীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগে ৷ কিয়নো তৎকালীন পূব পাকিস্তানৰ পৰা বিতাড়িত হৈ অসমলৈ অহা লোকসকলক ইয়াৰ খিলঞ্জীয়া অসমীয়াসকলে আদৰি লোৱাই নহয়, নিজৰ মাটিত আশ্রয় দিছিল ৷ গতিকে আমি বাঙালীসকলে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে বুলি মন্তব্য কৰিছে বিধায়ক শিলাদিত্য দেৱে ৷

তেওঁ শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ গুৰুফেলাত বাঙালী জনমুক্তি বাহিনীৰ উদ্যোগত দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত বীৰ স্বাধীনতা সংগ্রামী নেতাজী সুভাষ চন্দ্র বসুৰ ১২৪সংখ্যক জন্মজয়ন্তী উপলক্ষে দ্বিতীয় দিনাৰ কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি এই তাৎপর্যপূর্ণ মন্তব্য কৰে ৷ শুকুৰবাৰৰ এই অনুষ্ঠানত বিটিচিৰ কার্যবাহী সদস্য মৃত্যুঞ্জয় নার্জাৰীয়ে নেতাজীৰ আদর্শ আৰু দেশপ্রেমৰ প্রতি অনুপ্রাণিত হ’বলৈ যুৱ সমাজক আহ্বান জনায় ৷ বাঙালী জনমুক্তি বাহিনীয়ে সশস্ত্র সংগ্রাম এৰি মূলসুঁতিলৈ অহাত নার্জাৰীয়ে প্রশংসা কৰে ৷ ভাষণ প্রসংগত নার্জাৰীয়ে বিটিচিৰ বেল্ট–ব্লকত বসবাস কৰা অজনজাতি লোকসকলক আশ্বস্ত কৰি কয়– বিটিচি চুক্তি সম্পাদন হোৱালৈকে ইয়াত বসবাস কৰাসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত থাকিব ৷ এই বিষয়টোক লৈ কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বিভাজনৰ ৰাজনীতি কৰি অজনজাতি লোকৰ মাজত শংকাৰ সৃষ্টি কৰি নিজৰ ৰাজনৈতিক মুনাফা লুটি আছে ৷ কিন্তু বিটিচিৰ ৰাইজে তেওঁৰ অপপ্রচাৰত আৰু ভোল নাযায় ৷ এনে বিভেদকামী সাংসদকবর্জন কৰাৰ আহ্বান জনায় নার্জাৰীয়ে ৷ মুকলি সভাখনৰ আঁত ধৰে বাঙালী জনমুক্তি বাহিনীৰ অধ্যক্ষ ৰঞ্জন সৰকাৰে ৷ সভাত স্থানীয় বিধায়ক মাজেন্দ্র নার্জাৰী, সদৌ বিটিচি বাঙালী যুৱ–ছাত্র ফেডাৰেচনৰ সভাপতি মণ্টু দে’, সদৌ অসমবাঙালী যুৱ–ছাত্র ফেডাৰেচনৰ বিটিচিৰ ক্ষেত্রীয় সভাপতি গোপাল ঘোষ, বিজেপিৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি বিভূতি বৰগয়াৰী আৰু বাঙালী জনগোষ্ঠীৰ বহুতো বিশিষ্ট ব্যক্তি, সমাজকর্মী তথা বাঙালী জনমুক্তি বাহিনীৰ শীর্ষ নেতাসকলৰ লগতে সহস্রাধিক লোক উপস্থিত থাকে ৷

You might also like