মোদী চৰকাৰৰ দিনত শিশু শ্রমিকৰ বিৰুদ্ধে যুঁজ অধিক সবল হৈছেঃ শান্তিৰ ন’বেল বিজয়ী কৈলাস সত্যার্থী
নিয়মীয়া বাৰ্তা, ৪ মেঃ ভাৰতৰ অন্তিমটো শিশু মুক্ত, নিৰাপদ, শিক্ষিত আৰু সকলো ধৰণৰ সুৰক্ষা আৰু সুবিধা পাব৷ মই নিশ্চিত যে ২০৪৭ চনৰ পূর্বে ই সম্ভৱ হ’ব৷ এই মন্তব্য শান্তিৰ ন’বেল বঁটা বিজয়ী কৈলাস সত্যার্থীৰ৷ আমেৰিকা যুক্তৰাষ্ট্রত কেইবাটাও শান্তিৰ কার্যসূচী আৰু ৰাষ্ট্রপতি জ’ বাইডেন প্রশাসনৰ সদস্যক সাক্ষাতৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত শিশুৰ অধিকাৰৰ বাবে অহৰহ সংগ্রাম কৰি অহা ন’বেল বিজয়ী কৈলাস সত্যার্থীয়ে ভাৰতত শিশুৰ অধিকাৰ সন্দর্ভত এই মন্তব্য কৰে৷ ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ শতবর্ষ উদ্যাপনৰ সময়ত তেওঁৰ মনত কি ধাৰণা আহিব সেইলৈ সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত সত্যার্থীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত দেশখনৰ সকলো শিশু সুৰক্ষিত, শিক্ষিত আৰু নিৰাপদ হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দিনত ভাৰতত শিশু শ্রমিকৰ বিৰুদ্ধে যুঁজখন অধিক সবল হৈছে বুলিও কয় সত্যার্থীয়ে৷