নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইন যুদ্ধৰ প্রভাৱ! মার্কিন বেংকৰ সুদৰ হাৰ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৬ মেঃ ইউক্রেইন যুদ্ধৰ প্রভাৱ পৰিছে আমেৰিকাৰ অর্থনীতিত৷ গতিকে মুদ্রাস্ফীতিৰ সৈতে যুদ্ধ কৰিবলৈ ২২ বছৰীয়া অভিলেখ ভংগ কৰি সুদৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি কৰিছে আমেৰিকাৰ কেন্দ্রীয় বেংকে৷ দুই মাহৰ ভিতৰত দ্বিতীয়বাৰ বৃদ্ধি হ’ল আমেৰিকাৰ বেংকত সুদৰ হাৰ৷ যোৱা বুধবাৰে ০.৫ শতাংশ সুদৰ হাৰ বৃদ্ধিৰ সিদ্ধান্ত লয় মার্কিন কেন্দ্রীয় বেংকে৷ ২২ বছৰৰ ভিতৰত এই বৃদ্ধিৰ হাৰ সর্বোচ্চ৷ লক্ষণীয়ভাৱে ইউক্রেইন যুদ্ধৰ মাজতেই আমেৰিকাত মূল্যবৃদ্ধিৰ হাৰ ৰকেটৰ গতিত বাঢ়িছে৷ সংবাদ সংস্থা ৰয়টার্ছৰ প্রতিবেদন অনুসৰি, মার্কিন কেন্দ্রীয় বেংকৰ মুৰব্বীয়ে দেশখনৰ নাগৰিকসকলক ধৈর্য ধৰাৰ বাবে অনুৰোধ জনাইছে৷

You might also like