নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰত এলার্ট জাৰিঃ ভাৰতত অনুপ্রৱেশৰ সুৰংগৰ সন্ধান লাভ বিএছএফৰ

নিয়মীয়া বাৰ্তা, ৬ মেঃ সীমান্তৰ সিপাৰলৈ জম্মু–কাশ্মীৰৰ চাম্বাত আন্তর্জাতিক সীমান্তত পাকিস্তানী আত্মঘাতী বোমাৰু ভাৰতত অনুপ্রৱেশৰ সুৰংগ এটাৰ সন্ধান লাভ কৰিছে বি এছ এফে৷ নিয়মীয়া পহৰাৰ সময়ত চাম্বাত সীমান্তৰ সিপাৰলৈ সুৰংগৰ সন্ধান লাভ কৰাৰ পাছতেই জম্মু–কাশ্মীৰত এলার্ট জাৰি কৰা হৈছে৷ বি এছ এফৰ শীর্ষ সূত্রই প্রকাশ কৰা মতে, আজি চাম্বাত সন্ধান লাভ কৰা সুৰংগটোৰে পাকিস্তানস্থিত নিষিদ্ধ সংগঠন জইচ–ই–মহম্মদৰ দুটা আত্মঘাতী বোমাৰু প্রৱেশ কৰিছিল৷ ইতিমধ্যে ভাৰতত অনুপ্রৱেশ কৰা এই দুই আত্মঘাতী বোমাৰুক যোৱা ২২ এপ্রিলত জম্মুৰ ছুনজৱান অঞ্চলত নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয় যে বি এছ এফৰ বিবৃতিত প্রকাশ কৰা মতে, ডেৰ বছৰৰ ভিতৰত সীমান্তত এনেধৰণৰ ৫টা সুৰংগৰ সন্ধান পোৱা গৈছে৷ ইপিনে জম্মু–কাশ্মীৰৰ সন্ত্রাসবাদীয়ে বুলেটপ্রুফ জেকেট ফুটা কৰিব পৰা বুলেট ব্যৱহাৰ কৰি আছে৷ আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্রই এৰি যোৱা এই শক্তিশালী বুলেটেৰে জম্মু–কাশ্মীৰৰ সন্ত্রাসবাদী সক্রিয় হৈ থকাৰ পাছতে ভাৰতীয় সেনাৰ বাবে নতুন বুলেটপ্রুফ জেকেট প্রদান কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ আমেৰিকাত নির্মিত বুলেটপ্রুফ জেকেট ফুটাব পৰা বুলেট সন্ত্রাসবাদীয়ে ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ভাৰতীয় সেনাৰ বাবে জটিল পৰিস্থিতি সৃষ্টি হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততেই ভাৰতীয় সেনাৰ বাবে নতুন বুলেটপ্রুফ জেকেট যোগানৰ প্রক্রিয়া চলাইছে সেনাই৷

You might also like