মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্ত পৰিদর্শন কৰিব কেন্দ্রীয় গৃহমন্ত্রীয়ে
নিয়মীয়া বাৰ্তা, ৭ মে’: অহা ৯ মে’ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্ত পৰিদর্শন কৰিব৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ আগমনৰ পৰিপ্রেক্ষিতত শুকুৰবাৰে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দিগন্ত বৰা, অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিং, অতিৰিক্ত সঞ্চালকপ্রধান হীৰেন নাথৰ লগতে গুৱাহাটীস্থ ফ্রণ্টিয়াৰ বিএছএফৰ আইজিপি এছএছ গেহলটকে ধৰি শীর্ষ বিষয়াৰ দল এটা মানকাচৰত উপস্থিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লয়৷ শুকুৰবাৰে পুৱা ১০.৩০ বজাত দলটো হেলিকপ্ঢাৰযোগে মানকাচৰৰ অসম–মেঘালয় সীমান্তৰ কামাখ্যাবাৰী হেলিপেডত অৱতৰণ কৰিয়েই পোনে পোনে মানকাচৰৰ ভাৰত–বাংলাদেশ সীমান্তৰ সাহাপাৰা সীমান্তৰক্ষী ছাউনিৰ কাষেৰে সীমান্ত পথৰ ওপৰৰ কালো নদীৰ ওপৰত থকা দলঙত উপস্থিত হৈ সীমান্তৰ পৰিস্থিতিৰ বুজ লয়৷
তাৰ পাছত মানকাচৰৰ সীমান্ত সুৰক্ষাৰক্ষীৰ ছাউনিত উপস্থিত হৈ বিএছএফৰ শীর্ষ বিষয়াবর্গৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বৈঠকত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ ভ্রমণৰ সময়ছোৱাত কেনেধৰণৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ’ব, কি কি কার্যসূচী থাকিব সেই বিষয়ে আলোচনা কৰে৷ দক্ষিণ শালমাৰা–মানকাচৰৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে জানিবলৈ দিয়া মতে, কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক হেলিপেডৰ পৰা ভাৰত–বাংলাদেশ সীমান্তলৈ কটকটীয়া নিৰাপত্তাৰে লৈ যোৱা হ’ব আৰু বাকী যিসমূহ কার্যসূচী থাকিব, সেইবোৰত বিএছএফে সকলো দিশ চম্ভালিব৷