নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বছৰৰ পৰা নিশা ১২ বজাৰ পূর্বে সামৰিব লাগিব বিহুৰ অনুষ্ঠান– মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ৮ মে’ : সম্প্রতি ৰাজ্যখনত বিহুৰ অনুষ্ঠানৰ নামত চলি অহা উদ্ভণ্ডালিত উদ্বিগ্ণতা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা বছৰৰ পৰা নিশা ১২ বজাৰ পূর্বেই বিহুৰ অনুষ্ঠান সামৰিব লাগিব৷ সম্প্রতি আৰম্ভ হোৱা বোকা ছটিওৱা বিহুক লৈও প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিহু পালনৰ নামত বোকা বিহুলৈ যাব নালাগে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, সাত বিহুৰ বাহিৰত গ’লেই বিহুৰ পৱিত্রতা নোহোৱা হৈ যায়৷ বিহুটোক যেতিয়ালৈকে সাংস্কৃতিক অনুষ্ঠান বুলি ভাবিব, বিহু জাতিটোৰ আয়ুসৰেখা হ’ব নোৱাৰে৷ যেতিয়ালৈকে বিহুটোৰ পৱিত্রতা আমি আমাৰ মনত বান্ধি লৈ থাকিম, তেতিয়ালৈকেহে ই অসমীয়াৰ আয়ুসৰেখা হৈ থাকিব৷

You might also like