নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ বিধ্বস্তপ্রায় ৰূপ দেখি অসমত খোপনি পোতাৰ চেষ্টা অৰবিন্দ কেজৰিৱাল–মমতা বেনার্জীৰ; ২৯ মে’ত অসমলৈ কেজৰিৱাল

নিয়মীয়া বাৰ্তা, ৮ মে’ : ৰাজ্যত প্রধান বিৰোধী দল কংগ্রেছৰ বিধ্বস্তপ্রায় ৰূপ দেখি এইবাৰ অসমত খোপনি পোতাৰ চেষ্টা কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টী (আপ) আৰু মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ৷ অহা ২৯ মে’ত অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল৷ ৰাজ্যখনত আপৰ স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যেই সেই দিনা তেওঁ অসম ভ্রমণৰ কার্যসূচী যুগুতাইছে৷ প্রস্তাৱিত কার্যসূচী অনুসৰি সেই দিনাই তেওঁ গুৱাহাটীত পদযাত্রাৰে পথসভাত অংশগ্রহণ কৰাৰ কথা৷

ইপিনে অহা দুর্গাপূজাৰ আগে আগে ছেপ্ঢেম্বৰ মাহত অসম ভ্রমণলৈ আহিব তৃণমূল কংগ্রেছৰ সভানেত্রী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী৷ অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে৷ মন কৰিবলগীয়া এয়ে যে অহা ১১ মে’ত অসম ভ্রমণলৈ আহিব তৃণমূল কংগ্রেছৰ সাধাৰণ সম্পাদক সাংসদ অভিষেক বেনার্জী৷ সেই দিনাই তেওঁ মাছখোৱাৰ সাংস্কৃতিক প্রকল্পত এক যোগদান কার্যসূচীত অংশগ্রহণ কৰাৰ লগতে গুৱাহাটীৰ জয়ানগৰত অসম তৃণমূল কংগ্রেছৰ কার্যালয় উদ্বোধন কৰিব৷

ইপিনে বর্তমান কংগ্রেছৰ মিত্রদল অজাপৰ কার্যকৰী সভাপতি দুলু আহমেদক অসম প্রদেশ কংগ্রেছ কমিটীয়ে অগপ–বিজেপিৰ এজেণ্ট আখ্যা দিছে৷ এক বিবৃতিত প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই কয় যে দুলু আহমেদে এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে যোৱা বিধানসভা নির্বাচনৰ সময়ত লাহৰীঘাট বিধানসভা সমষ্টিৰ বর্তমানৰ বিধায়ক আছিফ মহম্মদ নজৰৰ পৰা চাৰি কোটি টকা আৰু জলেশ্বৰৰ বর্তমানৰ বিধায়ক আফতাবুদ্দিন মোল্লাৰ পৰা ২.৫ কোটি টকা লোৱা বুলি সমাজিক মাধ্যমযোগে ভুৱা বতিৰ প্রচাৰ কৰিছে৷ বিধায়ক দুজনৰ পৰা সেই অভিযোগ অহাৰ পৰিৱর্তে কংগ্রেছ দলৰ পৰা তাহানিতেই অপসাৰিত দুলু আহমেদৰ পৰা এনে অভিযোগ অহাৰ আঁৰত ৰহস্য আছে৷ দুলু আহমেদক অগপ–বিজেপিৰ এজেণ্ট আখ্যা দিয়ে আৰু তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাৰ হুংকাৰ দিয়ে৷ ইফালে আজি গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বর্তমানৰ ৰাজ্যৰ বিজেপি মিত্রজোঁটৰ চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে৷

যোৱা এটা বছৰত ৰাজ্যৰ অর্থনীতি বিনষ্ট হৈ পৰাৰ গুৰুতৰ অভিযোগ কৰি তেওঁ কয় যে ৰাজ্যৰ লাওলোৱা অর্থনৈতিক পৰিস্থিতিৰ বাবেই বিভিন্ন বিভাগক ঠিকাদাৰসকলক চৰকাৰে প্রায় ১৭ হাজাৰ কোটি আদায় দিবলৈ বাকী আছে৷ বান ব্যৱস্থাপনা আঁচনিৰ বাবে অসমে কেন্দ্রৰ পৰা পাবলগীয়া ২,৪০০ কোটি টকা মোকলাই আনিব পৰা নাই৷ যোৱা বছৰটোত অসমৰ জি ডি পিও সর্বকালৰ ভিতৰত নিম্ন৷ আন ৰাজ্যৰ তুলনাত জনমূৰি আয়ৰ ক্ষেত্রত অসমৰ স্থান একেবাৰে শূন্য৷ এক লাখ নিবনুৱাক চাকৰি দিম বুলি কোৱা চৰকাৰখনে মাত্র ১,১৫৭জনকহে চাকৰি দিবলৈ সক্ষম হৈছে৷ এই কথা বিধানসভাৰ মজিয়াত স্বয়ং বিত্তমন্ত্রী অজন্তা নেওগে প্রকাশ কৰিছে৷

You might also like