নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুছলিম মহিলাই বোর্খা পিন্ধাটো বাধ্যতামূলকঃ তালিবান

নিয়মীয়া বাৰ্তা, ৮ মে’ : আফগানিস্তান দখল কৰাৰ পিছত তালিবানে চৰকাৰ গঠন কৰি ইটোৰ পিছত সিটো নিষেধাজ্ঞা জাৰি কৰি আহিছে৷ ধর্মীয় দৃষ্টিকোণেৰে আফগান মহিলাৰ ওপৰত তালিবানে প্রথমে শিক্ষাৰ ক্ষেত্রত কিছু কিছু নিষেধাজ্ঞা জাৰি কৰাৰ পিছত এইবাৰ ৰাজহুৱা স্থানত মুছলিম মহিলাসকলে মুখমণ্ডল সম্পূর্ণ ঢ়াকি ৰাখিব লাগিব বুলি ঘোষণা কৰিছে৷ অর্থাৎ মুছলিম মহিলাসকলে বোর্খা পিন্ধাটো বাধ্যতামূলক কৰা হৈছে৷ মন কৰিবলগীয়া যে আফগানিস্তানৰ অধিকাংশ মহিলাই হেডস্কাফেৰে মুখ মণ্ডল ঢ়াকি ৰাখে যদিও কাবুলকে ধৰি চহৰ অঞ্চলত মহিলাসকলে মুক্ত হৈ থাকে৷ তালিবানে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পিছত অৱশেষত মহিলাক বোর্খা পিন্ধাটো বাধ্যতামূলক কৰিলে৷

You might also like