নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ মধ্য প্রদেশ চৰকাৰে প্রাথমিক পর্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংবিধানৰ প্রস্তাৱনা পাঠ বাধ্যতামূলক কৰিছে ৷ অর্থাৎ ছাত্র–ছাত্রীসকলে এতিয়া ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত পাঠ কৰিব লাগিব সংবিধানৰ প্রস্তাৱনা ৷ ১ লাখ ২০ হাজাৰতকৈ অধিক বিদ্যালয়ত আছে ৬৩ লাখতকৈ বেছি ছাত্র–ছাত্রী ৷ ইতিমধ্যে ৰাজ্যখনৰ শিক্ষা বিভাগে এই সন্দর্ভত জাৰি কৰিছে জাননী ৷ বুধবাৰে সন্ধিয়া শিক্ষা বিভাগে জাৰি কৰা এই জাননী অনুসৰি বিদ্যালয়ৰ প্রধান শিক্ষক–শিক্ষয়িত্রীৰ পৰা আৰম্ভ কৰি ছাত্র–ছাত্রী তথা অন্যান্য কর্মচাৰীসকলে প্রার্থনাৰ পিছতে সংবিধানৰ প্রস্তাৱনা পাঠ কৰিব লাগিব ৷ অৱশ্যে প্রতি সপ্তাহৰ শনিবাৰেহে সংবিধানৰ প্রস্তাৱনা পাঠ কৰাটো বাধ্যতামূলক হ’ব ৷ ইয়াৰ পূর্বে মহাৰাষ্ট্র চৰকাৰে বিদ্যালয়ত সংবিধানৰ প্রস্তাৱনা পাঠ কৰাটো বাধ্যতামূলক কৰিছিল ৷