সাহসী কুকুৰ পেট্র’নক পুৰস্কাৰ জেলেনস্কিৰ
নিয়মীয়া বাৰ্তা, ১১ মেঃ ৰাছিয়াৰ বিৰুদ্ধে প্রবল প্রতিৰোধী যুদ্ধত ইউক্রেইনী সেনাই অকল নহয়, ইয়াৰ স্নিফাৰ ডগসমূহেও দক্ষতাৰ পৰিচয় দাঙি ধৰিছে৷ শেহতীয়াকৈ দেশ ৰক্ষাৰ কামত অৱদান আগবঢ়োৱা এটি কুকুৰক পুৰস্কাৰ দিছে ৰাষ্ট্রপতি ভ’লোডিমিৰ জেলেনস্কিয়ে৷ ৰাষ্ট্রপতি জেলেনস্কিৰ হাতৰ পৰা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে এই কুকুৰটো৷ আঢ়ৈ বছৰ বয়সীয়া এই কুকুৰটোৰ নাম পেট্র’ন৷ ৰাছিয়াই ইউক্রেইনত যুদ্ধ আৰম্ভ কৰাৰ পিছৰে পৰাই এতিয়ালৈকে দুই শতাধিক স্থানত বিস্ফোৰক উদ্ধাৰ কৰিছে এই কুকুৰটোৱে৷ ৰাছিয়াৰ বিৰুদ্ধে ইউক্রেইনৰ ৰক্তক্ষয়ী সংগ্রামৰ এতিয়া প্রতীক হৈ পৰিছে এই পেট্র’ন৷ পেট্র’নৰ মালিকৰ নাম মাইহেইলো ইলিভ৷ ইলিভ ইউক্রেইনী সেনাৰ মেজৰৰ দায়িত্বত আছে৷ পেট্র’নৰ সৈতে ইলিভকো পুৰস্কৃত কৰিছে জেলেনস্কিয়ে৷ দেওবাৰে কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডিউৰ উপস্থিতিত এই কুকুৰটো আৰু সেনা মেজৰ ইলিভক পুৰস্কৃত কৰে জেলেনস্কিয়ে৷