নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বিৰুদ্ধে মাত মাতিছে ভুক্তভোগীয়েঃ প্ৰৱঞ্চক ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ থানাত এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ১১ মে : ভাবী স্বামীক আটক কৰাই নিজকে নিৰ্দোষী সজাব খোজা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ কু-কীৰ্তি শেহতীয়াকৈ পোহৰলৈ আহিছে। নগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত জোনমণি ৰাভাই কিছুদিন পূৰ্বে ভাবী স্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ গোচৰত আটক কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। কিন্তু নিজকে ধোঁৱা তুলসীৰ পাত সজাব বিচৰা আৰক্ষী বিষয়া গৰাকীৰ কু-কীৰ্তিয়ে বৰ্তমান মাজুলীৰ সকলোকে হতচকিত কৰিছে।ভাবি স্বামী ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছিল যদিও এই প্ৰৱঞ্চনাৰ বিষয়ে জোনমণি ৰাভাই যে পূৰ্বৰ পৰাই জানিছিল সেই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। আনহাতে ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে আৰক্ষী বিষয়া জোনমনি ৰাভাই ONGC ৰ বিষয়া বুলি চিনাকি কৰাই দি ঠিকা প্ৰদানৰ প্ৰলোভনেৰে দালাল ৰাণাৰ যোগেদি লাখে লাখে টকা সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰালভাৱে মাজুলীৰ দুই ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা পৰা ৪৯ লাখ ৪৮ হাজাৰ অজিত বৰাৰ পৰা ১৩ লাখ ৭২ হাজাৰ টকা প্ৰৱঞ্চনাৰে নিয়াৰ অপৰাধত ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ থানাত 20/22,21/22 US-120B/170/406/419/420/468/471/472 IPC গোচৰ ৰুজু কৰাৰ লগতে সহযোগী জোনমণি ৰাভাৰ বিৰুদ্ধেও বহু আপত্তিজনক অভিযোগ আনিছে ব্যৱসায়ী দুজনে । জোনমণি ৰাভাকো এই বিষয়ৰ তদন্তৰ বাবে তদন্তৰ আওতালৈ অনাৰ অভিযোগ উত্থাপিত কৰিছে ৷ ৰাম অৱতাৰ শৰ্মাৰ পৰা ONGC ত ২৫ কোটি টকাৰ ঠিকা দিম বুলি জোনমনি ৰাভাৰ সাহসত ৰাণা পগাগে সৰকাইছিল ৪৯ লাখ ৪৮ হাজাৰ টকা ৷ ইয়াৰ পাছতো নিজকে নিৰ্দোষী সজাই দীৰ্ঘদিনে নিজৰ ভাবী স্বামীয়ে বিভিন্ন লোকক ঠিকাৰ প্ৰলোভনেৰে ধন সৰকাই নিয়া প্ৰৱঞ্চনাৰ বিষয়ে একো নাজানো বুলি কোৱা আৰক্ষী বিষয়া গৰাকীৰ প্ৰকৃত স্বৰূপ ওলাই পৰাত মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইতিপূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এইগৰাকী আৰক্ষী বিষয়াই প্ৰৱঞ্চক ৰাণাৰ সহযোগী হৈ মাজুলীত বিভিন্নজনৰ পৰা কৌশলেৰে ধন সংগ্ৰহৰ অভিসন্ধি ৰচনা কৰিছিল নেকি সেয়াও আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। ইফালে ৰাভাৰ একাউণ্টত ধনৰ লেনদেনৰ অভিযোগ উঠা বিষয়টোৱে এই ভয়ানক দুৰ্নীতিৰ ঘটনা অধিক ৰহস্যঘন কৰি তুলিছে যাক লৈ এতিয়া সমগ্ৰ মাজুলীতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like