বেদখলকাৰীয়ে ঘৰুৱা দলিল কিনি লোৱাৰ স্বীকাৰোক্তিঃ ৰঙাপানী সত্ৰৰ ৫ বিঘা ৪ কঠা ২ লেছা মাটি বেদখল
নিয়মীয়া বাৰ্তা, ১১ মে : অসম চৰকাৰৰ অসম সত্ৰ ভূমি সমস্যা, পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্ৰদীপ হাজৰিকা আৰু আয়োগৰ সদস্য তথা বিধায়ক ৰূপক শৰ্মাই ৰঙাপানী সত্ৰ পৰ্যবেক্ষণ কৰে। ৰঙাপানী সত্ৰৰ ভূমি বেদখল হোৱা সন্দৰ্ভত বেদখলৰ অভিযোগ থকা লোকৰ সৈতে মতবিনিময় কৰে। অভিযুক্ত ব্যক্তি সকলে জানিবলৈ দিয়ামতে বাঘবৰ সমষ্টিত নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত হৈ একাংশ সত্ৰবাসীৰ পৰা সেই মাটি ঘৰুৱা দলিল কৰি কিনি লৈছে। সত্ৰ ভূমি কোনেও ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব বুলি সত্ৰ ভূমি সমস্যা, পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা আৰু আয়োগৰ সদস্য ৰূপক শৰ্মাই ৰাইজৰ আগত ব্যক্ত কৰে। ৰঙাপানী সত্ৰ পৰিচালনা সমিতিৰ সভাপতিয়ে, বাঘবৰ সমষ্টিৰ ১০-১২ ঘৰ মানুহে বেদখল কৰা সত্ৰৰ ভূমি উদ্ধাৰ কৰি দিবলৈ চৰকাৰক আহ্বান জনায়। সত্ৰ এলেকাৰ ৯৫ শতাংশ ধৰ্মীয় সংখ্যালঘুৰ কোনো ধৰণৰ অসুবিধা পোৱা নাই আৰু ভ্ৰাতৃত্ববোধেৰে চলি থকা বুলি জনায় সভাপতি গৰাকীয়ে। ইপিনে ইন্ধন আৰু অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক চৰকাৰ উদ্বিগ্ন বুলি জনায় বিধায়ক ৰূপক শৰ্মাই।
প্ৰেৰক মফিদুল ইছলাম