নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ সেনাৰ জালত দুই যুৱক

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ চৰাইদেউ জিলাখনত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সেনা আৰক্ষীয়ে তীক্ষ্ণ নজৰ দি থকা সময়তে যোৱা নিশা দুজন যুৱকক সেনাই আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱাৰ পথত আটক কৰে । ধেমাজি চিৰিপানী আহোম গাঁৱৰ ভাস্কৰ জ্যোতি ফুকন নামৰ যুৱক জনে ধুনীয়া পথাৰ গাঁৱত এজন লোকৰ ঘৰত আশ্ৰয় লৈ ম্যানমাৰ শিৱিৰলৈ যাবলৈ যো জা চলাই থকা অৱস্থাত সেনাই গোপন সূত্ৰ তথ্য ভিত্তিত যোৱা নিশা অভিযান চলাই ভাস্কৰজ্যোতি ফুকনক কৰায়ত্ব কৰে । ভাস্কৰজ্যোতি যে সাংবাদিকৰ আগত মন্তব্য কৰে যে বিগত এবছৰ ধৰি আলফা স্বাধীনৰ অভিজিত গগৈ ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল। দিল্লীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মত আছিল ভাস্কৰ জ্যোতি ফুকন। আনহাতে যোৱা নিশা সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত জুটুলনী গাঁৱৰ পৰা আলফা স্বাধীনৰ সদস্যৰে ফেচবুকৰ জড়িয়তে চিনাকি হৈ আলফা স্বাধীনত যোগদান কৰিবলৈ চেষ্টা চলোৱা উমেশ বুঢ়াগোহাঁই নামৰ যুৱক জনক কৰায়ত্ব কৰি আজি সাপেখাতী আৰক্ষী থানাত চমজাই দিয়ে ।

You might also like