সম্পূৰ্ণ হোৱাৰ পথত অৰুণাচলৰ পশ্চিম কামেং জিলাৰ নেচিফু সুৰংগৰ নিৰ্মাণৰ কাম
নিয়মীয়া বাৰ্তা, ২০ মে’ : অৰুণাচলৰ পশ্চিম কামেং জিলাত নিৰ্মাণ কাৰ্য চলি থকা নেচিফু সুৰংগৰ আজি অন্তিমটো বিস্ফোৰণ সংঘটিত কৰি কাম ২০২২ ৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পথ প্ৰশস্ত কৰিলে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ সঞ্চালক প্ৰধান লে জেনেৰেল ৰাজীৱ চৌধুৰীয়ে (Nechiphu tunnel expected to be completed by 2022) ।
ভাৰ্চুৱেল যোগে অংশগ্ৰহণ কৰা অনুষ্ঠানত ৰিমৰ্টৰ বুটাম টিপি প্ৰজেক্ট ভৰ্ত্তকৰ মুখ্য অভিযন্তা ব্ৰিগেদিয়েৰ হৰিশ কুমাৰে শেষৰটো বিস্ফোৰণ ঘটাই বৰ্ডাৰ ৰোডছৰ বিষয়া কৰ্মচাৰীক সুৰংগৰ কাম খৰতকীয়া কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
প্ৰেৰক সমীৰ কৰ