নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও চহৰত বিপদসীমাৰ ১.৩০ মিটাৰ ওপৰেৰে বৈছে কলং নৈ

বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ কপিলী আৰু বৰপানী নদীৰ বানপানীয়ে নগাঁও জিলাত তাণ্ডৱ চলাই থকাৰ সময়তেই শেহতীয়াভাৱে কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ নগাঁও চহৰকে ধৰি জিলা খনৰ বিভিন্ন স্থানত ভয়াৱহ ৰূপ লৈছে ৷ কলং নৈয়ে জিলাখনৰ বিভিন্ন স্থানত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ নগাঁও জলসম্পদ বিভাগে জনোৱা অনুসৰি নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ নগাঁও চহৰত আজি বিপদসীমাৰ ১.৩০ মিটাৰ ওপৰৰে বৈ আছে ৷ কলঙৰ জলপৃষ্ঠ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰহাত কলং নৈ এক ১.২৯ মিটাৰ বিপদ সীমাৰ ওপৰৰে বৈ আছে ৷ কপিলী নৈ জলপৃষ্ঠ কিছু পৰিমাণে কমিছে যদিও আজিও কামপুৰত কপিলী নৈ জলপৃষ্ঠ বিপদসীমাৰ ১.৫৬ মিটাৰ ওপৰেৰে বৈ আছে ৷ নগাঁও চহৰৰ শিৱ নগৰ কলংপাৰ পথ, বৈদ্যটোপ ,চকীটুপকে ধৰি কেইবাঠাইতো কলঙৰ পানীয়ে প্লাৱিত কৰিছে ৷ নগাঁও চহৰৰ ৰাজহুৱা পথাৰ নেহেৰুবালিৰ একাংশ কলঙৰ পানীয়ে বুৰাই পেলাইছে ৷ ইপিনে কপিলী ,নিশাৰি নৈৰ বাঢ়নী পানীয়ে বৃহত্তৰ ননৈ, কচুপিট,চেংমাৰা ,ঘাগৰীয়ান ,দক্ষিণপাট আদি বিভিন্ন অঞ্চল জলমগ্ন কৰিছে ৷ ফলত কেইবাহাজাৰ লোকে বিভিন্ন স্থানত আশ্ৰয় লব লগা হৈছে ৷ খাদ্যসামগ্ৰীকে ধৰি বৰ্ণত্যৰ অন্যান্য সামগ্ৰীক লৈ হাহাঁকাৰৰ সৃষ্টি হৈছে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like