আৰম্ভণিতে বডোলেণ্ডৰ জনসাধাৰণৰ হৈ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ হিচাপে এবছৰ কার্যকাল সফলতাৰে সম্পূর্ণ কৰাৰ বাবে আমি বিশ্বজিৎ দৈমাৰিক আন্তৰিক অভিনন্দন জনাহছেছা৷ স্বাধীনতাৰ পাছত অসম বিধানসভাৰ অধ্যক্ষৰ এহ সন্মানীয় পদ অধিগ্রহণ কৰা তেওঁ বডো সম্প্রদায়ৰ প্রথম ব্যক্তি হোৱাৰ বাবে আমি সদায় গৌৰৱান্বিত৷ অসম আৰু উত্তৰ–পূব অঞ্চলৰ জনজাতীয় পৰিক্রমাৰ সময়ৰেখাত হ এক গুৰুত্বপূর্ণ সাফল্য৷ জনজাতীয় উন্নীতকৰণ, শান্তি আৰু সমন্বয়ৰ লগতে এখন হতিবাচক অসম গঢ়ি তোলাৰ প্রচেষ্টাত তেওঁৰ অৱদানে আগন্তুক দিনবোৰত নিশ্চিতভাৱে সহায় কৰিব৷ দৈমাৰীয়ে ২০০১ চনত বিধানসভাৰ সদস্য হিচাপে তেওঁৰ ৰাজনৈতিক যাত্রা আৰম্ভ কৰিছিল আৰু ৰাজ্যসভাৰ সাংসদ হিচাপে দুটাতকৈ অধিক কার্যকাল সম্পূর্ণ কৰিছিল৷ ঐতিহাসিক বি টি আৰ চুক্তি ২০২০ স্বাক্ষৰিত কৰাৰ ক্ষেত্রত তেখেতৰ অৱদান গুৰুত্বপূর্ণ আৰু বডোলেণ্ডলৈ স্থায়ী শান্তি অনাত আমি তেওঁৰ প্রচেষ্টাক ধন্যবাদ জনাহছেছা৷ দৈমাৰীৰ পৰিচালনাত আৰু মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত আমি হতিমধ্যে অসম বিধানসভাৰ মজিয়াত পক্ষপাতহীন আৰু অর্থপূর্ণ আলোচনা দেখিছোঁ৷ দৈমাৰীৰ সংসদীয় প্রক্রিয়াৰ দীঘলীয়া অভিজ্ঞতাহ নিঃসন্দেহে আগন্তুক সময়ত অসম বিধানসভাৰ মজিয়াক আৰু লাভান্বিত কৰিব৷ তেখেতৰ বাকী থকা কার্যকালৰ বাবে আমি শুভকামনা জনাহছেছা আৰু ভৱিষ্যতে বি টি আৰৰ সামগ্রিক বিকাশৰ বাবে তেখেতৰ নিৰন্তৰ পৰামর্শ আৰু নির্দেশনা বিচাৰিছেছা৷