আমাক ধর্ষণ বন্ধ কৰকঃ ‘কাঁ’ৰ ৰেড কার্পেটত অর্ধউলংগ ইউক্রেইনী মহিলাৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা, ২২ মে’: ইউক্রেইনী মহিলাৰ ওপৰত ৰুছ সেনাই চলোৱা শাৰীৰিক নির্যাতনক লৈ ‘কাঁ’ চলচ্চিত্র মহোৎসৱত অর্ধউলংগ হৈ ইউক্রেইনী মহিলাই কৰা প্রতিবাদে বিশ্বজুৰি ব্যাপক চর্চা লাভ কৰিছে৷ ‘কাঁ’ৰ ৰেড কার্পেটত এগৰাকী ইউক্রেইনী মহিলাই অর্ধউলংগ শৰীৰত ইউক্রেইনৰ পতাকা অংকন কৰাৰ লগতে ‘আমাক ধর্ষণ বন্ধ কৰক’ শ্লোগান লিখি প্রতিবাদ কৰি বিশ্বজুৰি চর্চিত হৈছে৷ মহিলা গৰাকীয়ে নিজৰ শৰীৰত একমাত্র অন্তর্বাস পৰিধান কৰি শৰীৰৰ ওপৰ অংশ উলংগ হৈ ফটোগ্রাফাৰৰ সন্মুখত প’জ দিবলৈ বিচাৰোঁতে নিৰাপত্তা ৰক্ষীয়ে মহিলাগৰাকীক আঁতৰাই নিয়ে৷ এই ঘটনাই ‘কাঁ’ৰ ৰেড কার্পেটত কিছু সময় সকলোকে স্তম্ভিত কৰি ৰাখে৷ উল্লেখ্য যে ইউক্রেইনী মহিলাগৰাকীয়ে এনেদৰে প্রতিবাদ কৰাৰ পূর্বে যোৱা মঙলবাৰে ‘কাঁ’ৰ উদ্বোধনী অনুষ্ঠানত ইউক্রেইনৰ বাবে সাহায্য বিচাৰি এক ভিডি’যোগে দেশখনৰ ৰাষ্ট্রপতি তথা অভিনেতা ভলোডিমিৰ জেলেনস্কিয়ে আহ্বান জনাইছিল৷