নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতল ভাইৰাছত এবছৰত ১ লক্ষাধিক শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২২ মে’: বিশ্বজুৰি ২০১৯ চনত পাঁচ বছৰ অনূর্ধ্ব ১ লক্ষাধিক শিশুৰ শীতল ভাইৰাছত মৃত্যু হৈছে৷ দ্য লানছেট জার্নেলত শেহতীয়া অধ্যয়নৰ আধাৰত প্রকাশিত প্রতিবেদনত এই ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷

প্রতিবেদন মতে, ঠাণ্ডা লগা লক্ষণৰ সাধাৰণ ভাইৰাছটোত আক্রান্ত হৈ ২০১৯ বর্ষত পাঁচ বছৰ অনূর্ধ্বৰ এক লক্ষাধিক শিশুৰ প্রাণ গৈছে৷ শ্বাস–প্রশ্বাসজনিত ৰোগ তথা আৰ এছ ভি ৰোগত আক্রান্ত হৈ ২০১৯ বর্ষত ছয় মাহৰ অনূর্ধ্বৰ শিশু ৪৫ হাজাৰতকৈও অধিকৰ মৃত্যু হৈছে৷ মন কৰিবলগীয়া যে ২০১৫ চনত চলোৱা অধ্যয়নত শ্বাস–প্রশ্বাসজনিত কাৰণত পাঁচ বছৰীয়া শিশুৰ মৃত্যুৰ সংখ্যা আছিল ৩৩ লাখ৷

বিগত সময়ছোৱাত এনে ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা হ্রাস পাইছে৷ ইপিনে, উক্ত প্রতিবেদন মতে, ২০১৯ চনত পাঁচ বছৰ অনূর্ধ্বৰ মৃত্যু হোৱা ১ লক্ষাধিকৰ ভিতৰত ২৬ হাজাৰতকৈ অধিক শিশুৰ চিকিৎসালয়ত মৃত্যু হয়৷ গৱেষকে প্রকাশ কৰা মতে, শ্বাস–প্রশ্বাসজনিত ৰোগত ছয় মাহৰ শিশুৰ পৰা পাঁচ বছৰ অনূর্ধ্বৰ শিশুসকলৰ মৃত্যুৰ সম্ভাৱনা অধিক৷ এনে শিশুৰ মৃত্যু নিয়ন্ত্রণ কৰাৰ বাবে ইতিমধ্যে বিজ্ঞানীসকলে কেইবাটাও আৰ এছ ভি ভেকচিন বিকাশ কৰাৰ বাবে অহোপুৰুষার্থ কৰি আছে৷ এনে ভেকচিন প্রস্তুত হ’লে বিশ্বজুৰি শ্বাস–প্রশ্বাসজনিত ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা হ্রাস কৰিব পৰা যাব বুলি গৱেষকসকলে আশা ব্যক্ত কৰিছে৷

You might also like