নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ জিলাত স্থাগিত গুণোৎসৱ

নিয়মীয়া বাৰ্তা, ২২ মে’: নেৰানেপেৰা বৰষুণৰ ফলত বানপানীয়ে ৰাজ্যৰ ভিন্ন প্রান্তত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ প্রতি লক্ষ্য ৰাখি তিনিখন জিলাত গুণোৎসৱ স্থগিত ৰখাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ দক্ষিণ শালমাৰা, হোজাই আৰু হাইলাকান্দিত স্থগিত ৰখা হৈছে গুণোৎসৱ৷  ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা সদৰী কৰিছে৷

অহা ২৩ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ গুণোৎসৱত এই জিলাকেইখন অন্তর্ভুক্ত হৈ আছিল৷ অৱশ্যে এই তিনি জিলাৰ বাহিৰে ৰাজ্যৰ আন জিলাসমূহত গুণোৎসৱ সময়মতে অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয়– ‘বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আমি দক্ষিণ শালমাৰা, হোজাই আৰু হাইলাকান্দিত গুণোৎসৱ স্থগিত ৰাখিছোঁ৷ বানত বেয়াকৈ ক্ষতিগ্রস্ত হোৱা ডিমা হাছাও আৰু কাছাৰ জিলাক তৃতীয় পর্যায়ৰ গুণোৎসৱতহে সামৰি লোৱা হৈছে৷

তৃতীয় পর্যায়ৰ গুণোৎসৱলৈ এতিয়াও যথেষ্ট সময় আছে৷ সেয়েহে এই জিলাকেইখন সন্দর্ভত পৰৱর্তী সময়ত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷’ উল্লেখ্য যে যোৱা ১১ মে’ৰ পৰা ৰাজ্যত গুণোৎসৱ আৰম্ভ হৈছে৷ তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব লগা গুণোৎসৱৰ প্রতিটো পর্যায়তে ১১খনকৈ জিলা সামৰি লোৱা হৈছে৷ প্রথম পর্যায়ৰ গুণোৎসৱ যোৱা ১১ মে’ৰ পৰা ১৪ মে’লৈ অনুষ্ঠিত হৈছে৷ আনহাতে, দ্বিতীয় পর্যায়ৰ গুণোৎসৱ ২৩ মে’ৰ পৰা অহা ২৬ মে’লৈ অনুষ্ঠিত হ’ব৷ সেইদৰে অহা পহিলা জুনৰ পৰা ৪ জুনলৈ আন ১১খন জিলাত তৃতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷

You might also like