নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰ চাইক্লিং ক্লাবৰ প্ৰশংসনীয় পদক্ষেপঃ গহপুৰৰ পৰা শদিয়া হৈ ধুবুৰীলৈ ২ হাজাৰ কিলোমিটাৰ পথ চাইকেল চলাই চলালে সজাগতামূলক প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ২৩ মেঃ ‘ড্ৰাগছমুক্ত অসম’’, ‘‘প্লাষ্টিক বৰ্জন’’, ‘‘গছ ৰোপণ’’, গঁড় হত্যা ৰোধ’’ আৰু ‘‘চাইকেল চলাওক সুস্থ থাকক’ –এই পাঁচটা বিষয়ে ৰাইজৰ মাজত সজাগতা আনিবলৈ কেইবা হাজাৰ কিলোমিটাৰ পথ অতিক্ৰমি চাইকেলেৰে ধুবুৰীলৈ আহি উপস্থিত হ’ল পাঁচজনীয়া এটি চাইকেলৰোহীৰ দল। ১ মে’ৰ দিনা সুদূৰ গহপুৰৰ পৰা আৰম্ভ কৰা দলটোৰ সেই চাইকেল যাত্ৰা আজি সমাপ্তি ঘটে ধুবুৰীত। ‘‘গহপুৰ চাইক্লিং ক্লাৱ’ৰ সদস্য অৰবিন্দ নেৱাৰ, দেৱাশীষ বৰগোহাঁই, আকাশ সূত্ৰধৰ, ডিম্পু বৰা আৰু নয়নজ্যোতি বৰদলৈৰ আৰম্ভ কৰিছিল সজাগতা মূলক এই চাইকেল যাত্ৰা। উল্লেখ্য যে, বিভিন্ন প্ৰতিকূলতাকে নেওচি ৰাজ্যৰ বিভিন্ন প্ৰান্তেৰে প্ৰায় দুই হাজাৰ কিলোমিটাৰৰ পথ চাইকেল চলাই গহপুৰৰ পৰা শদিয়া হৈ ধুবুৰীলৈ ২৩ দিনীয়া দলটোৰ এই চাইকেল যাত্ৰাই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহুতোৰে। আজি ধুবুৰীত সাংবাদিকৰে হোৱা কথা–বতৰাত তেওঁলোকক যাত্ৰাপথত সহায়–সহযোগিতা আগবঢ়োৱা গোৰ্খা সমাজ, অসম ছাত্ৰ সন্থকে ধৰি অন্যান্য প্ৰতিষ্ঠান আৰু ব্যক্তিগতভাৱেও সহায়–সহযোগ কৰা সকলো ব্যক্তিলৈ ধন্যৱাদ জ্ঞাপন কৰে পাঁচদনীয়া সেই চাইকেল আৰোহীৰ দলটো।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like