নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলেমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চুৰি হোৱা এক্সকেভেটৰ অৰুণাচলৰ নিৰিজুলীত উদ্ধাৰ; গ্ৰেপ্তাৰ ১

নিয়মীয়া বাৰ্তা, ২৪ মে :  গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত চন্দামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা চুৰি হোৱা এখন এক্সকেভেটৰ হেলেম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত জানিব পৰামতে,বৰপেটা জিলাৰ হাউলি সৰভোগৰ বাহাৰুল ইছলাম নামৰ এজন ব্যৱসায়ীৰ এখন এক্সকেভেটৰ হাউলি হাতীজানৰ তমছেৰ আলী নামৰ এগৰাকী ব্যক্তিয়ে মাহেকীয়া বন্দোবস্তিত ভাড়ালৈ আনি তেজপুৰত মাটিৰ কাম কৰি আছিল।তেনেকৈ কিছুদিন কাম কৰাৰ পিছত তমচেৰ আলীয়ে এক্সকেভেটৰ খন চোৰাংকৈ বিক্ৰী কৰাৰ পাং পাতে।
সেই অনুসৰি উক্ত এক্সকেভেটৰ খন চোৰাং কৈ বিক্ৰী কৰাৰ বাবে তমচেৰৰ লগত ফোনযোগে চিনাকি হোৱা ফয়জুল আহমেদ নামৰ এজন ব্যক্তিক দায়িত্ব দিয়ে। তমচেৰ আৰু ফয়জুলে মিলি এক্সকেভেটৰ খন যোৱা ১৭ মে’ৰ নিশা প্ৰায় ১১-৪৫ ত হেলেম আৰক্ষী থানাৰ অন্তৰ্গত চন্দামাৰীৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন ট্ৰেইলৰ গাড়ীৰে নমাইহি। ইয়াৰ পিছত ১৮ আৰু ১৯ মে’ৰ দিনটো চন্দামাৰীৰ উক্ত স্থানতে এক্সকেভেটৰ খন ৰখাই থোৱাৰ পিছত ১৯ মে’ৰ নিশা চন্দামাৰীৰ সেই স্থানৰ পৰা চুৰি কৰি লৈ যোৱা হয় এক্সকেভেটৰ খন।এক্সকেভেটৰ খন চন্দামাৰীৰ পৰা চুৰি হোৱাৰ বিষয়টো হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈয়ে জানিব পাৰি সেই খন উদ্ধাৰ কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তোলে। অনুসন্ধান কালত এক্সকেভেটৰ খন অৰুণাচল প্ৰদেশৰ নিৰিজুলীত থকা বুলি খবৰ লাভ কৰে আৰক্ষী বিষয়া হৰেন গগৈয়ে।
উক্ত খবৰৰ ভিত্তিত নিৰিজুলীলৈ হেলেম আৰক্ষীৰ এটা দল প্ৰেৰণ কৰে আৰক্ষী বিষয়া হৰেন গগৈয়ে।সেই অনুসৰি হেলেম আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰূপজ্যোতি গগৈৰ নেতৃত্বত হেলেম আৰক্ষীৰ এটা দল যোৱা ২২ মে’ৰ দুপৰীয়া নিৰিজুলীত উপস্থিত হৈ এক অভিযান চলায়।স্থানীয় অৰুণাচল আৰক্ষীৰ সহযোগত চলোৱা অভিযান কালত নিৰিজুলীৰ এখন হাবিৰ কাষত ৰখাই থোৱা অৱস্থাৰ পৰা হেলেম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এক্সকেভেটৰ খন।হেলেম আৰক্ষীৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰা এক্সেভেটৰ খন লৈ ২২ মে’ৰ নিশা হেলেম থানাত উপস্থিত হয়।উক্ত চুৰি কাণ্ডটোৰ সৈতে জড়িত থকাৰ অভিযোগত বৰপেটাৰ হাউলি হাতীজানৰ তমচেৰ আলী(৪৭)ক কালি হেলেম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।  ফয়জুল আহমেদৰ বিৰূদ্ধেও হেলেম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। 
You might also like