নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭,০০০ ফুট উচ্চতাত ITBP জোৱানৰ গণৰাজ্য দিৱস , চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ আজি গণৰাজ্য দিৱস । পুৱাৰে পৰা দেশৰ প্ৰান্তে প্ৰান্তে দেখা যায় গণৰাজ্য দিৱসৰ প্ৰস্তুতি । ৰাজধানী দিল্লীত কেন্দ্ৰীয়ভাৱে উদযাপিত গণৰাজ্য দিৱসৰ লগতে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত হৈ থকা জোৱান সকলো ব্যস্ত হৈ পৰিছে গণৰাজ্য দিৱসক লৈ ।

ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষীয়ে (ITBP) ৭১ সংখ্যক গণৰাজ্য দিৱস পালন কৰে ১৭,০০০ ফুট উচ্চতাত লাডাখত । বৰফ আৰু প্ৰচণ্ড শীতকো নেওচি এইসকল জোৱানে পালন কৰে গণৰাজ্য দিৱস । – ২০ ডিগ্ৰী ছেলছিয়াছত দেশৰ এই বিশেষ দিনটোত ভাৰত মাতা কি জয় আৰু বন্দে মাতৰমৰ ধ্বনিত ৰাষ্ট্ৰীয় পতাকাৰ তলত দেশৰ প্ৰতি জনাই অলেখ শ্ৰদ্ধা ।

You might also like