মহিলাক হত্যা, এটা ভেড়া ছাগলীক তিনি বছৰৰ কাৰাদণ্ড, ক’ত জানেনে
বিশেষ বাৰ্তা, ২৫ মেঃএটা অদ্ভুত গোচৰত দক্ষিণ চুডানৰ এটা ভেড়া ছাগলীয়ে তিনি বছৰৰ কাৰাদণ্ড লাভ কৰিছে। এগৰাকী মহিলাক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ পিছত কাৰাদণ্ড বিহা হৈছে ভেড়াটোক। চুডানৰ আই ৰেডিঅ’ৰ মতে, চলিত মাহৰ আৰম্ভণিতে দক্ষিণ চুডানত ৪৫ বছৰীয়া অধিউ চাপিঙক আক্ৰমণ কৰাৰ পিছত বৃহদাকাৰ ৰাম ছাগলীটোক আৰক্ষীৰ জিম্মালৈ লৈ যোৱা হৈছিল। ৰাম ছাগলীৰ আঘাতত মৃত্যু হৈছিল মহিলাগৰাকীৰ। মালেং আগোক পায়মৰ এখন আৰক্ষী থানাই ভেড়াটোক আটক কৰি জিম্মাত লৈ যায়। ৰাম ছাগলীটো অহা তিনি বছৰ চুডানৰ লেকছ ষ্টেটৰ আডুয়েল প্ৰান্তৰ মুখ্য কাৰ্যালয়ৰ এটা সামৰিক শিবিৰত কটাব। স্থানীয় আদালতে ৰায়দান কৰিছে যে ভেড়াটোৰ মালিক দুওনী মানয়াং ধালে ৫টা গৰু মৃতকৰ পৰিয়ালক দিব লাগিব।