নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ মহিলা আৰু যুৱতীসকল সুৰক্ষিত নহয় বুলি দেশত উত্থাপিত হৈ আহিছে প্ৰশ্ন । দৈনিক দেশৰ ভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে ধৰ্ষণ, হত্যাৰ দৰে বহু ঘটনা । ৰাস্তা-ঘাট, কৰ্মস্থলী , গৃহ ক’তোৱেই যেন সুৰক্ষিত নহয় আজিৰ নাৰী ।
নাৰী আৰু যুৱতীসকলৰ এই নিৰাপত্তাৰ কথা ভাবিয়েই ভাৰতীয় বিজ্ঞানী শ্যাম চৌৰাচিয়াই তৈয়াৰ কৰিছে লিপষ্টিক পিষ্টল অথবা লিপষ্টিক গান । এই অভিনৱ লিপষ্টিক পিষ্টল মহিলাসকলৰ আত্মৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব বুলিও অনুভৱ কৰিছে ভাৰতীয় বিজ্ঞানীজনে ।
বিজ্ঞানী চৌৰাচিয়াই জনোৱা অনুসৰি এই সুৰক্ষা বন্দুকটি কোনো মহিলাৰ কাষত থাকিলে আৰু মহিলাগৰাকী যদি বিপদত পৰে তেতিয়া সহজেই এই বন্দুক ব্যৱহাৰ কৰি বিস্ফোৰণৰ দৰে শব্দ সৃষ্টি কৰিব পাৰিব । এই শব্দ শুনাৰ পাচতেই আক্ৰমণকাৰীয়ে ততাতৈয়াকৈ সেই স্থান ত্যাগ কৰিব । ইয়াৰ জৰিয়তে আৰক্ষীৰ জৰুৰীকালীন নম্বৰটো বিপদ সংকেত পঠাব পৰা ব্যৱস্থা কৰিছে বিজ্ঞানীগৰাকীয়ে ।
এই বিশেষ বন্দুকটিক লৈ আশাবাদী বিজ্ঞানী গৰাকীয়ে কয় যে অতি সহজতে এই সুৰক্ষা গান মহিলাসকলে নিজৰ বেগত লৈ ফুৰিব পাৰিব । লিপিষ্টিকৰ আকাৰতেই সৰুকৈ নিৰ্মাণ কৰা এই বন্দুক কোনোৱে হয়তো সন্দেহৰ দৃষ্টিৰেও নাচাব । এই লিপষ্টিক গান ইলেক্ট্ৰিক চাৰ্জ দি ব্যৱহাৰ কৰাৰ লগতে ইয়াত থকা ব্লু টুথৰ জৰিয়তে মোবাইলৰ ফোনৰ সৈতে সংযুক্ত কৰিব পৰা যাব ।
অচিৰেই বজাৰত উপলব্ধ হ’ব লগা এই লিপষ্টিক গানৰ মূল্য ৫০০ ৰ পৰা ৬০০ টকাৰ ভিতৰত হ’ব বুলিও জানিবলৈ দিছে বিজ্ঞানীগৰাকীয়ে ।