নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ ৭১ সংখ্যক গণৰাজ্য দিৱস পালনত ব্যস্ত সমগ্ৰ দেশ । দেশৰ লগতে ৰাজ্যতো দেখা গ’ল গণৰাজ্য দিৱসৰ উৎসাহ-উদ্দীপনা । স্বত্বস্ফূৰ্তভাৱে গণৰাজ্য দিৱসৰ দিনা গুৱাহাটী মহানগৰীত ওলাই আহিল ৰাইজ । নিজৰ ঘৰৰ লগতে বাহন সমূহতো দেখা গ’ল ৰাষ্ট্ৰীয় পতাকা ।
৭১ সংখ্যক গণৰাজ্য দিৱসৰ দিনা দেশবাসীক শুভেচ্ছা জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , প্ৰতিৰক্ষা মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
দেওবাৰে পুৱাই নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোডীয়ে ।
Wishing everyone a happy #RepublicDay.
सभी देशवासियों को गणतंत्र दिवस की बहुत-बहुत बधाई।
जय हिंद!
— Narendra Modi (@narendramodi) January 26, 2020
প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন অধ্যক্ষ অমিত শ্বাহে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে শুভেচ্ছা জনালে দেশবাসীক ।
सभी देशवासियों को 71वें गणतंत्र दिवस की हार्दिक शुभकामनाएं।
Greetings to all Indians on 71st Republic Day. pic.twitter.com/BRn4YB5q0h
— Amit Shah (@AmitShah) January 26, 2020
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও জনালে গণৰাজ্য দিৱসৰ শুভেচ্ছা । পুৱাই গুৱাহাটীস্থিত শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ শ্বহীদ সকলক সেৱা জনোৱাৰ লগতে ফুলৰ থোপাৰে শ্বহীদ মূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে সকলোলৈকে ৭১ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছাও জ্ঞাপন কৰে ।
Greetings to my fellow citizens on our 71st #RepublicDay.
Let us strive to achieve the ideals of Justice, Liberty, Equality and Fraternity enshrined in our Constitution and march towards building a strong and prosperous India. pic.twitter.com/FSlHKXFnkF
— Sarbananda Sonowal (@sarbanandsonwal) January 26, 2020