সৰ্থেবাৰীৰ পাৰাহঁকুছিত বানপানীত সলিল সমাধি আঢ়ৈ বছৰীয়া শিশুৰ
নিয়মীয়া বাৰ্তা, ২৫ মে: বানে গৰকা সৰুক্ষেত্ৰীত পানীত পৰি সলিল সমাধি ঘটিল আঢ়ৈ বছৰীয়া শিশুৰ। সৰুক্ষেত্ৰী মৌজাৰ পাৰাহঁকুছিত আজি সংঘটিত হল এই শোকাৱহ ঘটনা। উল্লেখ্য যে বুঢ়াদিয়াৰ বানে পাৰাহকুছিত আহুকালৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ অঞ্চল প্লাৱিত কৰিছিল।মানুহৰ ঘৰৰ ভিতৰত একঁকাল পৰ্যন্ত হৈছিল পানী। সম্প্ৰতি পানী শুকাবলৈ লোৱাত আজি পাৰাহঁকুছিৰ সুভাষ দাস আৰু পত্নী মিতালী দাসে পানীত বুৰ যোৱা নিজৰ ঘৰ চাফা কৰি আছিল।ঘৰৰ চাৰিওফালে এতিয়াও আছে নদীৰ বাঢ়নী পানী। তাৰ মাজতে সুভাষ দাস আৰু মিতালী দাসৰ একমাত্ৰ কন্যা শিশু বিস্মিতা দাসক গা ধুৱাবলৈ দমকলৰ কাষলৈ আনে। মাকে কিবা আনিবলৈ এবাৰ ভিতৰলৈ গৈ আহি দেখে দমকলৰ পাৰত বিস্মিতা নাই। দমকলৰ কাষত থকা মগ এটি পানীত পৰি যোৱাত সেইটো আনিবলৈ আগবাঢ়ি যোৱাত বেছি গভীৰ পানীত বুৰ গল বিস্মিতা নামৰ আঢ়ৈ বছৰীয়া শিশুটি। মাক দেউতাকে লগালগ বিস্মিতাক উদ্ধাৰ কৰে যদিও ইতিমধ্যেই মৃত্যু ঘটে শিশুটিৰ। দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাই থকা সুভাষ দাসৰ একমাত্ৰ কন্যা আছিল বিস্মিতা। বুঢ়াদিয়াৰ লগতে টিহু নদীৰ বাঢ়নী পানীয়ে প্ৰতিবছৰে তাণ্ডৱ চলায় পাৰাহঁকুছি, কালাতলী, বতিয়া আদি অঞ্চলত। আৰু বানপানীৰ কবলত পৰি আজি মৃত্যু হল এটি দেৱশিশুৰ।এইদৰে কণমানি শিশুৰ সলিল সমাধি ঘটাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। আৰক্ষী প্ৰশাসনৰ সহযোগত শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
প্ৰেৰক নকুল তালুকদাৰ